নিজ দলৰ চৰকাৰৰ স্বাস্থ্য বিভাগত বৃহৎ কেলেংকাৰী! পদত্যাগ কৰিলে বিজেপিৰ সভাপতিয়ে…

নিজ দলৰ চৰকাৰৰ স্বাস্থ্য বিভাগত বৃহৎ কেলেংকাৰী! পদত্যাগ কৰিলে বিজেপিৰ সভাপতিয়ে…

ডিজিটেল ডেস্কঃ বিৰোধীৰ বাক্যবান অথবা সমালোচনা নহয়, এইবাৰ নিজ দলৰ চৰকাৰৰ দুৰ্নীতিৰ খবৰ পাই পদত্যাগ কৰিলে এগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতিয়ে। এসময়ৰ হিমাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমান ৰাজ্যখনৰ বিজেপি সভাপতি ৰাজীৱ বিন্দালে স্বাস্থ্য বিভাগৰ কেলেংকাৰীৰ বাবেই এৰিলে নিজ দায়িত্ব। যোৱা ২০ মে'ত এই কেলেংকাৰীৰ ওপৰতে নিৰ্ভৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছিল স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ একে গুপ্তাক।

৫ বাৰৰ বিধায়ক তথা বৰ্তমান বিধানসভাৰ অধ্যক্ষ বিন্দালে এই কেলেংকাৰীত নিজে জড়িত নাই বুলি দাবী কৰিছে। তেওঁ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে দলৰ ভিতৰ ভাগত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। উল্লেখ্য যে, এগৰাকী চাপ্লায়াৰৰ পৰা ৫ লাখ টকা দাবী কৰাৰ অডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছিল হিমাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ একে গুপ্তাক। এই ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে চিবিআইৰ তদন্ত দাবী কৰিছে।

বিগত বৰ্ষৰ ১৮ জানুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ উপস্থিতিতে বিন্দালক হিমাচল প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰে তেওঁক বিজেপিৰ সভাপতি হিচাপে ঘোষণা কৰিছিল। তেওঁৰ সাংগঠিক কামকাজত থকা পাৰদৰ্শিতাৰ বাবেই জে পি নড্ডাই সভাপতি হিচাপে নিযুক্তি দিছিল। এতিয়া নেতাগৰাকীয়ে পদত্যাগ কৰাৰ পাছতে একাংশ লোকে তেওঁ এই দুৰ্নীতিত জড়িত থকা বুলি সন্দেহ ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in