মঞ্চতে আশ্ৰব্য গালি কোনে দিলে ৰাহুল গান্ধীক…

মঞ্চতে আশ্ৰব্য গালি কোনে দিলে ৰাহুল গান্ধীক…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। প্ৰত্যেকটো ৰাজনৈতিক দলেই নিৰ্বচনী প্ৰচাৰ সভা, ৰোড শ্ব'ৰ জৰিয়তে ভোটাৰৰ কাষ চপাৰ চেষ্টা চলোৱাৰ সমান্তৰালভাৱে এতিয়া চলিছে নেতা-মন্ত্ৰীৰ ভাষাৰ বিতৰ্ক। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ বিজেপি সভাপতি সতপাল সিং সত্তীয়ে দেওবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীক আক্ৰমণ কৰি আশ্ৰব্য গালি গালাজ কৰাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰিছে।

বিজেপি নেতাজনে ৰাহুল গান্ধী আৰু কংগ্ৰেছ পৰিয়ালক জামিন লাভ কৰা অপৰাধী অখ্যা দিয়াৰ লগতে নিজেই অপৰাধ, দুৰ্নীতি সংঘটিত কৰা কংগ্ৰেছে মোডীক চোৰ বুলি ক'লে শোভা নাপায় বুলি মন্তব্য কৰে। কেৱল সেয়াই নহয়, বিজেপি নেতাজনে মঞ্চৰ ওপৰতে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ গৈ সমাজ বহিৰ্ভূত অশ্লীল শব্দ প্ৰয়োগেৰে কংগ্ৰেছ অধ্যক্ষগৰাকীক গালি দিয়া পৰিলক্ষিত হয়।

বিজেপি নেতা সতপাল সিং সত্তীৰ এই ভাষণৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে কংগ্ৰেছে তাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিজেপি নেতাগৰাকীয়ে মানসি ভাৰাসাম্য হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰে কংগ্ৰেছে।

উল্লেখ্য যে, দেওবাৰে সমাজবাদী পাৰ্টীৰ নেতা আজম খানে বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাক লৈ কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰি থকা সময়তে পোহৰলৈ আহিছে জিভা পিছলি ওলাই অহা অশ্লীল গালিৰ এই ভিডিঅ'টো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in