দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনা, অলিম্পিকত স্বৰ্ণ জিনিলে ডিএছপি হ’ব হিমা

দিছপুৰত মুখ্যমন্ত্ৰীৰে আলোচনা, অলিম্পিকত স্বৰ্ণ জিনিলে ডিএছপি হ’ব হিমা

ডিজিটেল সংবাদ, গুৱাহাটীঃ এডিডাছৰ সৈতে কোটিটকীয়া বিজ্ঞাপনৰ চুক্তিত স্বাক্ষৰৰ পিছত বৃহস্পতিবাৰে দিছপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে এছিয়া জয়ী হিমাই। সন্ধিয়াৰ ভাগত অনুষ্ঠিত এই বিশেষ বৈঠকত মুখ্যমন্ত্ৰীয়ে হিমাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে বুজ লয়।

অনুশীলন, অলিম্পিকৰ প্ৰস্তুতিকে আদি কৰি ক্ৰীড়া বিষয়ক একাধিক কথা-বতৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে পাঞ্জাবাৰীৰ সম্বৰ্ধনা অনুষ্ঠানত কৰা ঘোষণা অনুযায়ী বিষয়া পৰ্যায়ৰ চাকৰিত নিযুক্তিৰ প্ৰসংগৰ অৱতাৰণা কৰে।

বিশেষ সূত্ৰে জানিব পৰা মতে, এই প্ৰসংগত হিমাই পোনপটীয়াকৈ উপ আৰক্ষী অধীক্ষক পদৰ প্ৰস্তাৱ আগবঢ়াই যদিও মুখ্যমন্ত্ৰীয়ে সেয়া সদ্যহতে অস্বীকাৰ কৰে। ইয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে হিমাক ৰাজপত্ৰিত বিষয়াৰ পদৰ পৰা যিকোনো এটা বাছনি কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

অৱশ্যে অলিম্পিকত স্বৰ্ণ পদক জয় কৰিলে উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে। অলিম্পিকত ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ চৰকাৰৰ তৰফৰ পৰা সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ৭ ছেপ্তেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বৰ্ণ কন্যা হিমাক ১.৬ কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। সেই দিনাই বিষয়া পৰ্যায়ৰ চাকৰি প্ৰদানৰ কথাও ঘোষণা কৰিছিল যদিও সেয়া গ্ৰহণ কৰা নকৰা বিষয়টো হিমাৰ ওপৰত এৰি দিছিল মুখ্যমন্ত্ৰী সোণোৱালে।

আশ্চৰ্যজনক বিষয়টো হ'ল আজি মুখ্যমন্ত্ৰীক হিমাই সাক্ষাৎ কৰা সন্দৰ্ভত জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাৰ পৰা জানিব বিচৰাত তেওঁ হিমাৰ উপস্থিতি সন্দৰ্ভতে অজ্ঞতা প্ৰকাশ কৰে। দিনৰ ভাগত সঞ্চালকগৰাকী ১৬০ গৰাকী সাংবাদিকক চৰকাৰী স্বীকৃত সাংবাদিকৰ বাছনি প্ৰক্ৰিয়াত জড়িত হৈ আছিল যদিও বিয়লিৰ ভাগলৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কাম-কাজ সন্দৰ্ভত সম্ভৱতঃ তেওঁ বিশেষ খা-খবৰ ৰখাই নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in