এতিয়া মোক অনুশীলনৰ সুযোগ দিয়ক, সাক্ষাৎকাৰলৈ নামাতিব…

এতিয়া মোক অনুশীলনৰ সুযোগ দিয়ক, সাক্ষাৎকাৰলৈ নামাতিব…

ডিজিটেল ডেস্কঃ কিছু সময় পূৰ্বে অন্ত পৰিল হিমাৰ সংবাদমেল। এই সংবাদমেলত হিমাই কেইটামান গুৰুত্বপূৰ্ণ কথা সদৰি কৰিলে। কিছু আঘাতৰ সমস্যা আছে হিমাৰ। এতিয়া হিমা অলিম্পিকক লৈ ব্যস্ত। সময়ৰ পাছত দৌৰা হিমাই সকলো খিনি তেওঁৰ ওপৰত এৰি দিবলৈ আহ্বান জনালে। ১১ ছেপ্টেম্বৰত হিমা যাব ঘৰলৈ।

গুৱাহাটীত থাকিও ঘৰৰ পৰিয়ালৰ ধিংবাসীক সময় দিব নোৱাৰাৰ বাবে হিমাই দুখ ব্যক্ত কৰিলে। জাকাৰ্টাত থাকোতে হিমাই ফেচবুক লাইভযোগে অসমৰ দুজন ব্যক্তিক লৈ ক্ষোভ ব্যক্ত কৰিছিল। এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ হিমাই তেওঁলোকৰ নাম প্ৰকাশ নকৰিলে আৰু এই বিষয়টো এৰাই চলিলে।

ইফালে, হিমাক ৰাজ্য চৰকাৰে প্ৰদান কৰা চাকৰি গ্ৰহণ কৰা নকৰাৰ সন্দৰ্ভত প্ৰশিক্ষক তথা পৰিয়ালৰ লগত আলোচনা কৰি সিদ্ধান্ত ল'ম বুলি জনালে। ৰাজ্য চৰকাৰে নতুন খেলনীতিৰ আধাৰত ৫০০ খন খেলপথাৰ নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনালে ধিং কন্যা হিমাই। অসমৰ সংবাদমাধ্যমে তেওঁক যি সমৰ্থন দিলে, লগতে অসমৰ ৰাইজে যি সমৰ্থন তথা উৎসাহ জনালে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলে হিমাই।

আনহাতে, এছিয়ান গেমছৰ সময়চোৱাত অসম চৰকাৰে প্ৰতিনিধি হিচাপে পঠিওৱা লক্ষ্য কোঁৱৰৰো শলাগ ল'বলৈ নাপাহৰিলে স্বৰ্ণকন্যা গৰাকীয়ে। আজিও হিমাই সংবাদমেলত উল্লেখ কৰিলে 'মন যায়' তেওঁৰ প্ৰিয় শব্দ। জুবিন গাৰ্গ আৰু প্ৰশিক্ষকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰি হিমাই কয়- তেওঁলোকৰ বাবেই আজি এয়া সম্ভৱ হৈছে। এতিয়া সম্পূুৰ্ণৰূপে হিমা ব্যস্ত থাকিব অলিম্পিকৰ প্ৰস্তুতিত।

এই সময় অতি কম বুলি উল্লেখ কৰি হিমাই সংবাদমাধ্যমক উদ্দেশ্য কৰি কয়- আপোনালোকে মোক এইকেইদিন সাক্ষাৎকাৰৰ বাবে নামাতিব। অনুশীলনত সময় দিব বিচাৰো মই। অলিম্পিকত পদক জিকি আহিলে মই নিজেই গৈ আপোনালোকক সাক্ষাৎকাৰ দিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in