মই অসমক লৈ গৌৰৱ কৰো, গাত আছে লাচিতৰ তেজঃ স্বৰ্ণকন্যা হিমা

মই অসমক লৈ গৌৰৱ কৰো, গাত আছে লাচিতৰ তেজঃ স্বৰ্ণকন্যা হিমা

ডিজিটেল সংবাদ, গুৱাহাটীঃ কেৱল খেলেৰেই নহয় ভাষণৰেও মন মুহিলে হিমাই। পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰে আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি হৃদয় স্পৰ্শী ভাষণ আগবঢ়ায় এছিয়া জয়ী ধিং এক্সপ্ৰেছে।

'মোক লৈ আজি অসমে গৌৰৱ কৰিছে, তাৰ কাৰণে মই ভাল পাইছো। কিন্তু মই অসমক লৈ গৌৰৱ কৰো। যি অসমৰ মাজেৰে লুইত বৈছে, যি অসমত সদায় সন্ধিয়া নামঘৰত ডবা বাজে।'-অসমৰ প্ৰতিজন অসমীয়াৰ গাত লাচিতৰ তেজ আছে বুলি কৈ এইদৰে কয় হিমাই।

হিমাৰ এনে ভাষণ শুনি আৱেগিক হৈ পৰে তাত উপস্থিত থকা প্ৰতিজন। আৱেগিক হৈ পৰে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অসম চৰকাৰে তেওঁক যি সন্মান জনাইছে সেই সন্মানত অভিভূত হৈ পৰা বুলিও ভাষণত উল্লেখ কৰে হিমাই। কিন্তু তাৰ লগতে চৰকাৰক খেলুৱৈসকলক উলিয়াই অনা প্ৰশিক্ষকসকলক উপযুক্ত সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে প্ৰশিক্ষকসকলক সা-সুবিধা প্ৰদান কৰিলে ৰাজ্যত আৰু বহু পদক জয়ী খেলুৱৈৰ সৃষ্টি হ'ব।

'মই পদকৰ পিছত নহয়, সময়ৰ পিছতহে দৌৰো। সময়ৰ পিছত দৌৰি মোৰ ভাল লাগে। সেয়ে মই এই পথ বাছি লৈছো। আপোনালোকে মোক আশীৰ্বাদ কৰক। বাকী ট্ৰেকত কি কৰিব লাগে সেই সকলোখিনি মোৰ ওপৰত এৰি দিয়ক।'-অসমবাসীক উদ্দেশ্যি কয় স্বৰ্ণ কন্যাই।

ভাষণৰ আৰম্ভণিতে অৰ্জুন ভোগেশ্বৰ বৰুৱাক ককা সম্বোধনৰে আশীষ বিচাৰে হিমাই। সুধাকণ্ঠকো স্মৰণ কৰে এছিয়া জয় কৰা অসম কন্যাগৰাকীয়ে। 'সুধাকণ্ঠক স্মৰণ কৰিছো। মই যিখন বিছনাত শুইছিলো সেইখন বিছনাত এদিন সুধাকণ্ঠই কিছুসময়ৰ বাবে জিৰণি লৈছিল। মা-দেউতাই কৈছিল। সুধাকণ্ঠৰ আশীষ লৈয়ে আজি এইখিনি পাইছোহি।'- হিমাৰ মন্তব্য।

নিজৰ ভাষণত তেওঁৰ প্ৰশিক্ষকসকলক কৃতজ্ঞতা জনায় হিমাই। 'নিপন ছাৰ-নৱজিত ছাৰে মোক টানি আনিছিল গুৱাহাটীলৈ। মোক পাৰ্যমানে সহায় কৰিছিল পুতুল ছাৰে। চামছুল ছাৰৰ নামো মই লবই লাগিব। তেখেতসকলে মোক কিমান সহায় কৰিছে সেয়া কৈ শেষ কৰিব নোৱাৰি।'-কৃতজ্ঞতা জনাই হিমাই কয়।

অসমৰ উঠি অহা ল'ৰা-ছোৱালীসকলক পুৱা উঠি দৌৰা বা খোজ কঢ়াৰ অভ্যাস কৰিবলৈকো আহ্বান জনায় হিমাই। এনে অভ্যাসে অসমৰ ডেকাসকলক মদ-ভাঙৰ পৰা আতৰাই আনি এখন নতুন অসমৰ সন্ধান দিব বুলি আশা কৰে সফল এথলীটগৰাকীয়ে।

উল্লেখ্য যে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত হিমাক অসমক চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিপূৰ্বে ঘোষণা কৰা ১.৬০ কোটি টকাৰ চেক প্ৰদান কৰে। লগতে সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, স্মাৰক আৰু শৰাই আগবঢ়ায়।য

এই অনুষ্ঠানতে অসমৰ ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ৰাজ্য চৰকাৰে হিমাৰ নাম ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে ব্ৰেণ্ড এম্বেছেডৰৰ অফাৰ লেটাৰো আজিৰ সম্বৰ্ধনা অনুষ্ঠানতে প্ৰদান কৰে। এথলীটগৰাকীক ক্ৰীড়া বিভাগত উচ্চ পৰ্যায়ৰ চাকৰি প্ৰদানৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অৱশ্যে চাকৰিৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নে নাই সেই সিদ্ধান্ত হিমাৰ ওপৰতে এৰি দি পৰৱৰ্তী পৰ্যায়ত প্ৰশিক্ষণ তথা অনুশীলনৰ সকলো ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in