শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

শিৱ, লাভলীনাৰ পিছত হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল….

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰতলৈ আন এক ভাল খবৰ। শিৱ থাপা, লাভলীনাৰ পিছত এইবাৰ হিমা দাসৰো কমনৱেলথ গেমছত অংশগ্ৰহণ নিশ্চিত হ’ল। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে এথলেটিকছ ফেডাৰেচনে ঘোষণা কৰা দলত স্থান লাভ কৰিছে হিমাই।

উল্লেখ্যে যে কমনৱেলথ গেমছত ভাগ ল’বৰ বাবে এথলেটিকছ ফেডাৰচনে মুঠ ৩৭ জনীয়া এক দল ঘোষণা কৰিছে। এই দলত হিমা দাসেও স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় ৪x১০০ মিটাৰ ৰীলে দলটোৰ লগত স্থান দিয়া হৈছে হিমাক।

ফেডাৰচেন ঘোষণা কৰা এই ৰীয়ে দলটোত হিমা দাসৰ উপৰিও থাকিব ধনলক্ষ্মী., ড্যুটি চান্দ আৰু শ্ৰবানি নন্দা। ইয়াৰ উপৰিও দলটোত আছে এম ভি ছিমি এন এছ। উল্লেখ্য যে বাৰ্মিংহামত ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ।