সৰুসজাইৰ পৰা হিমা দাসৰ সংবাদমেল LIVE

সৰুসজাইৰ পৰা হিমা দাসৰ সংবাদমেল LIVE

দিনৰ ১২.২৭ বজাঃ হিমাক লৈ চিনেমা। এই সন্দৰ্ভত হিমাক সোধাত প্ৰশ্নত হিমাই কয়- এতিয়াই চিন্তা কৰা নাই। সকলো আহিছে। অলিম্পিক পালে সকলোকে নিজে গৈ ইণ্টাৰভিউ দিম টিভিত। পৰোক্ষভাৱে এতিয়া কাকো সাক্ষাৎকাৰৰ বাবে নামাতিবলৈ অনুৰোধ। আৰু এই অনুৰোধেৰেই শেষ কৰিলে হিমাই আজিৰ সংবাদমেল।

দিনৰ ১২.২২ বজাঃ এছিয়ান গেমছৰ এথলেটিকছ ইভেণ্টত এইবাৰ মই আটাইতকৈ সৰু আছিলো। মই ধেমালি কৰি তাত জপিয়াই থাকিছিলো। ভাৰতীয় খেলুৱৈসকলৰ লগত মোৰ ভাল মুহূৰ্ত আছে।

দিনৰ ১২.২০ বজাঃ আপোনালোকে আশীৰ্বাদ দিয়ক। সকলো আমাক এৰি দিয়ক।

দিনৰ ১২.১৮ বজাঃ মই জইণ্ট ফেমেলীৰ পৰা ওলাই অহা ্ছোৱালী। মোক লাহে লাহে চিনি পোৱা হৈছিল খেলোতে খেলোতে। লক্ষ্য কোঁৱৰ ছাৰক ধন্যবাদ। বহুত সহায় কৰিছে ডায়ৰেক্টৰ ছাৰে। তেখেতকো ধন্যবাদ।

দিনৰ ১২.১৭ বজাঃ ছাৰৰ সহায় আজি ক'ব নোৱাৰো। সৰুসজাইলৈ নহা হ'লে এনে নহ'ল হেতেন- প্ৰশিক্ষকৰ সন্দৰ্ভত এই মন্তব্য হিমাৰ।

দিনৰ ১২.১৬ বজাঃ ৫০.৭৯ আছে, কেনেকৈ ৫০.৭৮ কৰিব পাৰি চেষ্টা কৰিম। মানুহৰ প্ৰেছাৰ অভাৰকাম কৰিবলৈ হ'লে সকলো গল্ড বিচাৰে। আমি কি কৰিব পাৰো সেইটোহে গুৰুত্বপূৰ্ণ। সকলো আমাৰ ওপৰত এৰি দিয়ক।

দিনৰ ১২.১৫ বজাঃ আগতে মই অভিজ্ঞ নাছিলো। ষ্টেপ বাই ষ্টেপ শিকিছো। ভাৰতে ইতিহাস ৰচিছে গেমত। চৰকাৰে যদি ছাপৰ্ট দিয়ে তাৰ বাবে আগবাঢ়ি যাম।

দিনৰ ১২.১৪ বজাঃ মোতকৈ আগত বহু ডাঙৰ প্লেয়াৰ ওলাইছে। প্ৰীতি উষা বাইদেউ। আগতে মিডিয়া নাছিল বাবে বহুত মানুহৰ কথা নাজানিছিলেই।

দিনৰ ১২.১৩ বজাঃ জুবিন দাই মোক ভণ্টী বুলি মাতে। 'মন যায়'  শব্দটো মোৰ ভাল লাগে। দুবছৰমানৰ পৰা জুবিন দাৰ লগত মোৰ ভাল।

দিনৰ ১২.১২ বজাঃ মই সময়ৰ পাছত দৌৰো। চেষ্টা সদায় চলাওঁ। মোৰ প্ৰেৰণা প্ৰথম দেউতা। তেওঁ ফুটবল খেলিছিল। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ প্ৰিয় শচীন তেণ্ডুলকাৰ আৰু মেছী।

দিনৰ ১২.১০ বজাঃ মোৰ ৪০০ মিটাৰত লাভ হয়। অকলেও পাৰি, টীমতো পাৰি। ৰীলেত থকা বাবেহে গল্ড মেডেল পালো। এতিয়া মই ৪০০ মিটাৰত গুৰুত্ব দিম। জিৰণী ল'ব পাৰি ৪০০ মিটাৰত । ৩০০ মিটাৰলৈকে সকলো একেলগে থাকে। শেষ ১০০ মিটাৰতহে আগবাঢ়ি যোৱা হয়। ৪০০ মিটাৰত এতিয়াও মই অভিজ্ঞ হোৱা নাই।

দিনৰ ১২.০৯ বজাঃ অসমত থাকিম  দুদিন মান। ১১ তাৰিখে ঘৰলৈ যাম। মাকহঁতক লগ পাম। মাহঁতক সময়ে দিব পৰা নাই। বেয়াও লাগিছে। নগাঁৱৰ ধিঙৰ মানুহ চাই আহিম গৈ ।

দিনৰ ১২.০৮ বজাঃ এথলেটিকছ বছৰত এবাৰে আহে। নিজেই কষ্ট কৰিব লাগে। ৫০০খন খেলপথাৰ চৰকাৰে কৰিব, সেই ভাল খবৰ। ইয়াৰ পৰা এজন হ'লেও খেলুৱৈ ওলাব। সংগঠনেও ইয়াৰ বাবে ব্যৱস্থা লওঁক। গুৱাহাটী তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈ পৰিব।

দিনৰ ১২.০৭ বজাঃ বাহিৰৰ স্পৰ্টছৰ লগত তুলনা কৰিলে প্ৰথম প্ৰতিজন খেলুৱৈয়ে নিজৰ মতেই খেলে। পইচাৰ বাবেও খেলে। কিন্তু পাছত জিকিলেহে দেশ বা ৰাজ্যৰ কথা আহে।

দিনৰ ১২.০৬ বজাঃ চৰকাৰে প্ৰদান কৰা চাকৰিৰ সন্দৰ্ভতো হিমাৰ মন্তব্য- চাওচোন চাকৰি লওঁনে নলওঁ। ঘৰৰ মানুহৰ লগত আলোচনা কি লওঁ। চাকৰি নিজৰ ওপৰত নিৰ্ভৰ কৰে। চাওঁচোন কৰি হয়। এই বিষয়ে মই প্ৰ্শিক্ষকৰ লগত আলোচনা কৰিম।

দিনৰ ১২.০৫ বজাঃ নিজকে প্ৰস্তুত কৰাত মই এতিয়া ব্যস্ত। ৪০০ মিটাৰত মই বিশ্বৰ ভিতৰত ৫২ নম্বৰত আছো। অভিজ্ঞ লোকৰ লগত আলোচনা কৰি মই অনুশীলন কৰো। অলিম্পিকৰ বাবে চেষ্টা কৰিম, দুবছৰ আছে। সময় কম আছে।

দিনৰ ১২.০০ বজাঃ সাংবাদিকে সুধিছিল- জাকাৰ্টাত থকা সময়ত আপুনি দুজন ব্যক্তিৰ কথা কৈছিল। যাক লৈ আপুনি হতাশ হৈছিল। হিমাই ক'লে- সেইটো গ'ল আৰু, যাব দিয়ক। সেই সময়ত অলপ বেয়া লাগিছিল। পজিটিভবোৰ ধৰক। আপোনালোকেও ইমান ছাপৰ্ট কৰিছে মোক। তাৰ বাবে মই সংবাদমাধ্যম আৰু অসমবাসীৰ ওচৰত মই কৃতজ্ঞ।

দিনৰ ১১.৫৭ বজাঃ জুবিনকো ধন্যবাদ জনালে হিমাই। সংবাদমাধ্যমৰ মাজতে জুবিনৰ প্ৰসংগ উলিয়াই তেওঁক জনোৱা সমৰ্থনৰ বাবে সলাগ ল'লে। অসম চৰকাৰক ধন্যবাদ দি হিমাই ক'লে-অসম চৰকাৰক মই ধন্যবাদ জনালো। এগৰাকী বিশেষ প্ৰতিনিধিক তালৈ পঠিয়ালে। তাত অসমৰ মানুহ আছিল। মোক সমৰ্থন দিছিল। ইয়াৰ পৰাও ৰান হিমা ৰান চিঞৰিলে। অলপ আঘাতৰ সমস্যা আছে।

দিনৰ ১১.৫৬ বজাঃ মোৰ যদি অভিজ্ঞতা আছে তাৰ পৰা কৈছো হাৰ্ড ট্ৰেনিং লাগিব। বোকাপানীত দৌৰক, বিভিন্ন প্ৰতিযোগিতাত ভাগ লওক।

দিনৰ ১১.৫৩ বজাঃ অসমৰ সংবাদ মাধ্যম আৰু সৰুসজাই ষ্টেডিয়ামৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন।

দিনৰ ১১.৫২ বজাঃ হিমা দাসৰ সংবাদমেল আৰম্ভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in