অত্যাধিক মৰম-আদৰ আৰু সন্মানে নষ্ট কৰিলে নেকি দৌৰ ৰাণী হিমাক…

অত্যাধিক মৰম-আদৰ আৰু সন্মানে নষ্ট কৰিলে নেকি দৌৰ ৰাণী হিমাক…

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে হিমা দাসৰ বৰ্তমানৰ প্ৰশিক্ষকগৰাকীয়ে সকীয়াই দিছিল যে- অত্যাধিক মৰম আৰু আদৰ-সন্মানে নষ্ট কৰিছে হিমাক। বৰ্তমান উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ থকা হিমাৰ কেৰিয়াৰ ইতি পৰিব নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছে। কিয়নো দেশজুৰি তাৰকা ৰূপত ভূমুকি মৰা হিমা দাসৰ অলিম্পিকৰ প্ৰস্তুতি সন্তোষজনক নহয়।

দৌৰৰাণী হিমা দাসে বিজ্ঞাপন আৰু সম্বৰ্ধনাগ্ৰহণ অনুষ্ঠানত বিশেষ মন দিয়াত তেওঁৰ অনুশীলনত ব্যাঘাত জন্মিছে। অলিম্পিকত পদক পোৱা বাদেই, হিমাই এতিয়া অলিম্পিকত খেলিবলৈ পাব নে নাই তাক লৈ প্ৰশ্ন উঠিছে। শেহতীয়াকৈ হিমাই ২ ফেব্ৰুৱাৰীত পঞ্জাৱত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিট অংশ লৈছিল। এই প্ৰতিযোগিতাত হিমাক চেৰ পেলালে তেওঁৰেই সহযোগীয়ে।

এই প্ৰতিযোগিতাখনত ভি কে ভীষ্মাই ৫৩.৮ ছেকেণ্ডেৰে ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল। ইফালে ৰূপৰ পদক লাভ কৰিছিল ৫৪.০৬ ছেকেণ্ডেৰে দৌৰ সমাপ্ত পূভাষণাই। ৫৪.৪৯ ছেকেণ্ডেৰে পাৰ্শী চৌধৰীয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ইয়াৰে পূভাষণা আৰু পাৰ্শী আছিল জাকাৰ্টাৰ এছিয়ান গেমছত স্বৰ্ণ জিকা ভাৰতীয় মহিলা ৰীলেৰ সদস্য অৰ্থাৎ হিমাৰ সতীৰ্থ।

ইফালে, এই প্ৰতিযোগিতাখনত ৪০০ মিটাৰ দৌৰ অতিক্ৰম কৰোতে হিমাক প্ৰয়োজন হয় ৫৫.১৯ ছেকেণ্ড। এয়া তেওঁৰ কেৰিয়াৰৰ সৰ্বনিম্ন প্ৰদৰ্শন। উল্লেখযোগ্য যে, হিমাই ৫০.৭৯ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল। ২০ বছৰ অনূৰ্ধ ৪০০ মিটাৰ দৌৰৰ বিশ্ব এথলেটত হিমাই স্বৰ্ণ পদক লাভ কৰাৰ পাছতেই জাকাৰ্টাতো সেই সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰিছিল।

এতিয়া হিমাক লৈ খোদ প্ৰশিক্ষক আৰু তেওঁৰ অনুগামী সকলে চিন্তিত হৈ পৰিছে। বিজ্ঞাপনত অধিক সময় দিয়া হিমাই কেতিয়াও পদকৰ পিছত নহয়, সময়ৰ পাছত দৌৰে বুলি মন্তব্য কৰিছিল। হিমাক লৈ অসমবাসীৰ লগতে ভাৰতবাসীয়েও বহু সপোন দেখিছিল। কিন্তু হিমাৰ শেহতীয়া ফলাফল আৰু অনুশীলনত মন নিদিয়াৰ ফলত হিমাৰ দৌৰ ইয়াতে সমাপ্ত হ'ব নেকি বুলিও বহুতে চৰ্চা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in