ধিং এক্সপ্ৰেছ হিমা দাসৰ ৰাজ অভিষেক, অসম আৰক্ষীৰ অভিলেখ…

ধিং এক্সপ্ৰেছ হিমা দাসৰ ৰাজ অভিষেক,  অসম আৰক্ষীৰ অভিলেখ…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ধিং এক্সপ্ৰেছ হিমা দাসক নিযুক্তি প্ৰদান কৰা হল ডি এছ পি পদত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰাৰ লগতে উপ আৰক্ষী অধীক্ষকৰ তৰা দুয়োফালে নিজ হাতে পিন্ধালে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

হিমা দাসক নিযুক্তি প্ৰদান কৰা এই অনুষ্ঠানত দৌৰবিদ গৰাকীক গাৰ্ড অৱ অনাৰো প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ বক্তৃতা প্ৰদান কৰি হিমা দাসে সকলোকে ধন্যবাদ প্ৰদান কৰা লগতে অসম আৰক্ষীৰ হৈ কৰিব পৰা সকলোখিনি কৰি যাম বুলি কয়।

হিমা দাসক নিযুক্তি পত্ৰ প্ৰদান কৰা এই অনুষ্ঠানতে আজি ৫৯৭টা এছ আই পদৰ বাবে নিযুক্ত পত্ৰও বিতৰণ কৰা হয়। এই নিযুক্ত পত্ৰ বিতৰণ অনুষ্ঠানৰ যোগেদি অসম আৰক্ষীয়ে আজি কেইবাটাও অভিলেখৰো গৰাকী হয়।

অসম আৰক্ষীয়ে শুকুৰবাৰে ৫৯৭গৰাকী প্ৰাৰ্থীক এছ আই নিযুক্তি পত্ৰ প্ৰদান কৰিলে। বিগত ৫বছৰত অসম আৰক্ষীয়ে এছ আই নিযুক্তি দিলে ৯৬০গৰাকীক। অসম আৰক্ষীৰ ইতিহাসত ৫বছৰৰ ভিতৰত এছ আই নিযুক্তিৰ সংখ্যা এতিয়ালৈকে এয়াই সৰ্বাধিক।

এছ আই পৰীক্ষাৰ কেলেংকাৰীৰ পিছত মাত্ৰ ৯০দিনৰ ভিতৰত লিখিত পৰীক্ষাৰ পৰা আদি কৰি নিযুক্তি পত্ৰ বিতৰণ পক্ৰিয়া সমাপন কৰা হৈছে। এয়াও হৈছে এক প্ৰকাৰৰ অভিলেখ। ৫৯৭ জন নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত ২৮৮ জন স্নাতকোত্তৰ। নিজৰ ভিতৰতে ইও এটা ৰেকৰ্ড।

ইফালে ইয়াৰ ২৭৭ জন বিজ্ঞানৰ স্নাতক। ৬০ জন অভিযন্তা। ৫৯৭ ৰ ভিতৰত ৪৪৫ গৰাকীয়ে ৫০ৰ পৰা ৬০ শতাংশৰ মাজত নম্বৰ লাভ কৰিছে। গড় বয়সৰ ক্ষেত্ৰতো ৬৯ % প্ৰাৰ্থী ২৫ বছৰৰ তলত আছে, কনিষ্ঠতম হৈছে ২২ বছৰবয়সৰ। ৩১ % ২৫ ৰ পৰা ৩০ বছৰৰ ভিতৰত। এইবাৰ বাছনি কৰা এছ আই সকলো প্ৰাৰ্থী শদিয়া আৰু ডিমা হচাওৰ বাহিৰে সকলো জিলাৰ পৰা আছে।নিৰ্বাচিত সকলো প্ৰাৰ্থীয়ে অসমৰ প্ৰায় সকলো সম্প্ৰদায় আৰু জনজাতিক প্ৰতিনিধিত্ব কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in