বেয়া খবৰ! বিশ্ব চেম্পিয়নশ্বিপত অংশ লোৱাৰ যোগ্যতা অৰ্জনত ব্যৰ্থ অসম কন্যা হিমা দাস…

বেয়া খবৰ! বিশ্ব চেম্পিয়নশ্বিপত অংশ লোৱাৰ যোগ্যতা অৰ্জনত ব্যৰ্থ অসম কন্যা হিমা দাস…

ডিজিটেল ডেস্কঃ অসম তথা ভাৰতবাসীৰ বাবে এটা বেয়া খবৰ। চলিত বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ডোহা বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত অংশ নলয় ধিং এক্সপ্ৰেছ হিমা দাসে। এটা মাহৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় খেলত কেইবাটাও স্বৰ্ণ পদক অৰ্জন কৰা অসম কন্যা হিমা দাসে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে। আগন্তুক বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা দাস। উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত অংশ লোৱাৰ যোগ্যতা হৈছে ৫১.৮০ ছেকেণ্ড। কিন্তু ৪০০ মিটাৰত হিমাৰ শেহতীয়ৈ সময় হৈছে ৫২.০১ ছেকেণ্ড।

অৱশ্যে প্ৰতিযোগিতাখনত ৪x৪০০ মিটাৰ ৰীলে ৰেচত হিমাই অংশ লোৱাৰ সম্ভাৱনা আছে। ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনে অহা ১৬ ছেপ্টেম্বৰৰ পিছতহে ৪x৪০০ মিটাৰ ৰীলেৰ ৰেংকিং প্ৰকাশ কৰিব। উক্ত ৰেংকিঙৰ শীৰ্ষ আঠত যদি ভাৰতীয় দলে স্থান লাভ কৰে তেন্তে ৰীলে ৰেচত অংশ ল'ব পাৰিব স্বৰ্ণকন্যা হিমাই।

উল্লেখ্য যে, এছিয়ান গেমছত ৫০.৭৯ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰিছিল হিমাই। কিন্তু পৰৱৰ্তী সময়ত হিমাই অক্ষুণ্ণ ৰাখিব পৰা নাছিল সেই ধাৰা। কিছু দিনৰ পূৰ্বে হিমাৰ প্ৰশিক্ষকে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে, হিমাই সময়ৰ সৈতে দৌৰিবলৈ চেষ্টা কৰি আছে। কিন্তু শেষ পৰ্যায়ত হিমাই ৪০০ মিটাৰত খেলিবৰ বাবে লাভ নকৰিলে যোগ্যতা। অহা ২৭ অক্টোবৰ পৰা আৰম্ভ হব ডোহা বিশ্ব এথলেটিক চেম্পিয়নশ্বিপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in