আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান বাবে উচ্চতম ন্যায়ালয়ত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক আহবান ইউ এন টি বি এৰ…

আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান বাবে উচ্চতম ন্যায়ালয়ত ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক আহবান ইউ এন টি বি এৰ…

ডিজিটেল সংবাদ, ৱাখাঃ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে লোৱা শেহতীয়া পদক্ষেপক অধিক গতিশীল কৰাৰ উদেশ্য ইউনাইটেড নাগা ট্ৰাইব ব'ৰ্ডাৰ এৰিয়াছ এছচিয়েচনে অসম চৰকাৰক ১৯৮৮ চনত উচ্চতম ন্যায়ালয়ত তৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাইছে ।

এই সন্দৰ্ভত যোৱা ২৫ জানুৱাৰীত অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যোৰহাট আৰ্বত্ত ভৱনত সাক্ষাৎ কৰে হুকভি য়েপথমিৰ নেতৃত্বত ইউ এন টি এ বিৰ এটা নগা প্ৰতিনিধি দলে । মন্ত্ৰী অতুল বৰাক লগ ধৰি নগা প্ৰতিনিধি দলটোৱে কয় যে অসম নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধানৰ বাবে ১৯৮৮ চনত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত তৰা দ্বিতীয়টো দেৱানী গোচৰটোৱে প্ৰতিবন্ধকতা সৃষ্টি কৰিব ।

সেয়ে তেওঁলোকে অসম চৰকাৰক গোচৰটো উঠাই লবলৈ আহ্বান জনায় । প্ৰত্ত্যতুৰত অতুল বৰাই চৰকাৰে বিষয়টো বিবেচনা কৰিব বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে ১৯৬৩ চনত নাগালেণ্ডে অসমৰ হিলচ ড্ৰিষ্টিকৰ পৰা এখন সুকীয়া ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা পিছত দুয়োখন ৰাজ্য ৫২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা নিৰ্ধাৰণ লৈ বিবাদ সৃষ্টি হয় ।

নাগালেণ্ডে ১৯২৫ চনত ব্ৰিটিছ শাসনৰ সময়ত নিৰ্ধাৰণ কৰা সীমাক অস্বীকাৰ কৰি আহোম যুগৰ ঐতিহাসিক তথ্যৰ আধাৰত অসমৰ একাংশ অঞ্চল দাবী কৰাত অসম চৰকাৰে সীমা বিবাদ নিস্পত্তিৰ বাবে ৭ ছেপ্টেম্বৰ ১৯৮৮ চনত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দেৱানী গোচৰ তৰে । ফলত উচ্চতম ন্যায়ালয়ত ইয়াৰ পিছৰে পৰা বিগত ৩৪ বছৰ ধৰি বিষয়টো গোচৰ চলি আছে কিন্তু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে আন্তঃৰাজ্যিক সীমা সমস্যাটো আদালতৰ বাহিৰত সমাধান কৰিবলৈ সন্মতি প্ৰকাশ কৰাত এনেদৰে ইউনাইডে নাগা ট্ৰাইব বৰ্ডাৰ এৰিয়াছ এছচিয়েচনে গোচৰ উঠাই লবলৈ আহ্বান জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in