মোডীৰাজত দূৰ নহ’ল নিবনুৱা সমস্যা! ৩.৪১ শতাংশৰ পৰা বৃদ্ধি হৈ হ’লগৈ ৭.২ শতাংশ

মোডীৰাজত দূৰ নহ’ল নিবনুৱা সমস্যা! ৩.৪১ শতাংশৰ পৰা বৃদ্ধি হৈ হ’লগৈ ৭.২ শতাংশ

ডিজিটেল ডেস্কঃ 'মোডী শাসনলৈ আহিলে দেশত এজনো নিবনুৱা নাথাকিব।' -২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহৰ এইটোও আছিল বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি। কিন্তু প্ৰকৃতাৰ্থত দেশৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল মোডী চৰকাৰ। নিৱনুৱা সমস্যা দূৰ কৰাটো যে মোডীৰ কেৱল এক নিৰ্বাচনী প্ৰতিশ্ৰুতিহে আছিল সেয়া বিগত প্ৰায় ৫ টা বছৰে সেয়াই প্ৰমাণ হৈছে।

বিজনেছ ষ্টেণ্ডাৰ্ডৰ তথ্য অনুসৰি বিগত প্ৰায় ৫ দশকৰ ভিতৰত মোডী চৰকাৰৰ কাৰ্যকালতে আটাইতকৈ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। ২০১৪ চনত মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে দেশত নিবনুৱাৰ সংখ্যা আছিল ৩.৪১ শতাংশ। কিন্তু এতিয়া মোডীৰ ৫ বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ আগমুহূৰ্তত এই হাৰ হৈছেগৈ ৭.২ শতাংশ। অৰ্থাৎ বিগত বৰ্ষসমূহত এই হাৰ বৃদ্ধি পালে প্ৰায় ৪ শতাংশ।

মোডীৰ কাৰ্যকালৰ প্ৰথমটো বছৰতে অৰ্থাৎ ২০১৫ চনত নিবনুৱাৰ হাৰ ০.৮ শতাংশ বৃদ্ধি পাই হৈছিলগৈ ৩.৪৯ শতাংশ। তাৰ পিছৰটো বছৰত অৰ্থাৎ ২০১৬ চনত এই হাৰ ৩.৫১ হয়। ২০১৭ চনত নিবনুৱাৰ হাৰ ৩.৫২ হয়। এই বৰ্ষটোত নিবনুৱাৰ হাৰ বৰ বেছি বৃদ্ধি নহ'লেও হ্ৰাস কৰিবলৈও সক্ষম নহ'ল সভাই সমিতিয়ে ডিঙিৰ শিৰ ফুলা কথা কৈ জনতাক প্ৰলোভিত কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে।

আনহাতে নৰেন্দ্ৰ মোডীৰ শাসন কালত নিবনুৱা সমস্যা অধিক ভয়াবহ ৰূপ লয় ২০১৮ চনটোত। এই বৰ্ষটোত দেশত নিবনুৱাৰ হাৰ দুগুন বৃদ্ধি হৈ ৬.১ শতাংশ হয়। ২০১৬ চনৰ ৮ নৱেম্বৰত এটা ৰাতিৰ ভিতৰতে চৰকাৰে বিমুদ্ৰাকৰণ কৰিছিল। এই বিমুদ্ৰাকৰণৰ ফলত দেশৰ অৰ্থ ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পৰে। এই প্ৰভাৱে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো অনেক অসুবিধাৰ সৃষ্টি কৰে। যাৰ ফলত ২০১৮ বৰ্ষটোত বহু লোকে চাকৰি হেৰুৱাবলগীয়া হয়। আনহাতে ২০১৭ চনৰ ১ জুলাইৰ মাজনিশা কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰাষ্ট্ৰপতিয়ে প্ৰযোজ্য কৰা গুড টেক্স চাৰ্ভিছ অৰ্থাৎ জি এছ টিয়েও সাধাৰণ ব্যৱসায়ীসকলক মাধমাৰ শোধায়। ফলত বহু সাধাৰণ আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে বানিজ্য ত্যাগ কৰি নিবনুৱা হ'বলগাত পৰে।

শেহতীয়াকৈ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পোৱা তথ্য অনুসৰি নিবনুৱাৰ হাৰে আকাশ চুইছেগৈ। নিবনুৱা সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ কাৰ্যকালৰ শেষৰ দুটা মাহৰ পূৰ্বে প্ৰকাশ পোৱা তথ্য অনুসৰি নিবনুৱাৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি পাইছে। এয়া মোডী চৰকাৰখনৰ প্ৰকৃত স্বৰূপ উদঙাবলৈ যথেষ্ট।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক'নমী চমুকৈ চিএমআইইৰ তথ্য অনুসৰি বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশৰ ৪০.৬ কোটি লোকে বিভিন্ন ক্ষেত্ৰত সংস্থাপন লাভ কৰি আছিল। কিন্তু বৰ্তমান এই সংখ্যা হৈছে কেৱল ৪০ কোটি। অৰ্থাৎ বিগত এটা বছৰৰ ভিতৰত দেশৰ ৬০ লাখ লোকে কৰ্ম সংস্থাপন হেৰুৱাইছে। এই সংখ্যা দেশৰ ইতিহাসৰ ভিতৰতে সৰ্ববৃহৎ বুলি ধৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে মুদ্ৰা লোন, নিবনুৱা লোন আদি লোনৰ সুবিধা প্ৰদান কৰিছে সঁচা। কিন্তু এই লোনবোৰ কেৱল একাংশ বিশেষ লোকৰ বাবেহে প্ৰযোজ্য হৈ পৰাত ইয়ে নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ এক ভেকোভাওনা বুলিহে প্ৰমাণিত হৈছে। সভাই সমিতিত ভাষণ প্ৰদান কৰি মোডীয়ে নিবনুৱা সমস্যা দূৰ কৰাৰ কথা কৈ আহিছে। কিন্তু বিগত ৫ বছৰলৈ ঘূৰি চালে প্ৰতিটো বছৰতে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা।

একে সময়তে নিবনুৱা জীৱনৰ প্ৰতি ভাৰাক্ৰান্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু যুৱকে। যোৱা ১ মাৰ্চত খোদ প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটতে এজন যুৱকে আত্মহত্যা কৰে। কাৰণ তেওঁ পৰিয়াল পোহপাল নিয়াব পৰাকৈ এটা সংস্থাপন যোগাৰ কৰি ল'ব পৰা নাছিল। বিগত মাহত মধ্য প্ৰদেশত দুজন যুৱকে একেলগে ৰে'লৰ আগত পৰি আত্মহত্যা কৰিছিল। উচ্চশিক্ষা লাভ কৰাৰ পিছতো সংস্থাপন লাভ নকৰাত, হতাশ হৈয়ে এই পথ বাচি লৈছিল যুৱক দুজনে।

দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে বহু যুৱকে এতিয়া এটা চাকৰি বা সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে। কৃষি কৰ্মত নিয়োজিত হ'ব পৰাকৈ বহুতৰে খেতি মাটি নাই। চৰকাৰী লোনৰ সুবিধা লাভ কৰিবলৈ নাই ম'ডগেজ হিচাপে বিঘাই বিঘাই মাটি। আনহাতে দেশৰ অধিকসংখ্যক চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান মোডী চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত চমজাই দিয়াত হ্ৰাস পাইছে চৰকাৰী চাকৰিৰ সংখ্যা। যাৰ ফলত ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰসকলে নিজৰ লাভৰ স্বাৰ্থত কম লোকেৰে অধিক কাম কৰাই আহিছে। এনে পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ খালী পদৰ সংখ্যাও হ্ৰাস পাইছে। ফলত উচ্চ শিক্ষা লাভ কৰিও ঘৰতে বহি থাকি হতাশাত ভূগিছে যুৱ প্ৰজন্ম।

এতিয়া সমাগত লোকসভা নিৰ্বাচন। নৰেন্দ্ৰ মোডীৰ ৫ বছৰীয়া কাৰ্যকালৰ অন্তত আকৌ এবাৰ শাসনৰ গাদীখন বিচাৰি প্ৰস্তুতি চলাইছে বিজেপি, বিৰোধীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এইবাৰৰ নিৰ্বাচনী ইছ্যুৰ ভিতৰতো আছে নিবনুৱা সমস্যাৰ কথা। কিন্তু যোৱা ৫ টা বছৰে তেওঁ নিবনুৱা সমস্যা সমাধানৰ বাবে কি পদক্ষেপ হাতত ল'লে সেয়া সকলোৱে দেখিছে। গতিকে এইবাৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক অন্তত যুৱ প্ৰজন্মই কেনেধৰণে লয়, সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in