ইতিহাস ! ৫০ হাজাৰ অতিক্ৰম ছেনচেক্সৰ…

ইতিহাস ! ৫০ হাজাৰ অতিক্ৰম ছেনচেক্সৰ…

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে শপত লোৱাৰ পিছদিনাই ইয়াৰ প্ৰভাৱ পৰিল ভাৰতত । বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত দিনটোৰ আৰম্ভনিতে উত্থান ঘটিল ছেনচেক্সৰ । বোম্বে ষ্টক একচেঞ্জত ছেনচেক্স ৩০৪ বৃদ্ধি হোৱাৰ ফলত এই সংখ্যাই ৫০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ।

এয়া হ'ল বোম্বে ষ্টক একচেঞ্জৰ সৰ্বকালৰ সৰ্বাধিক ছেনচেক্স । এই সংখ্যা ৫০১২৬.৭৩ হোৱাৰ বিপৰীতে নেফটিও ১৪৭০০ হ'ল । ইয়াৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰি শ্বেয়াৰ মূল্য বৃদ্ধি পাই । ভাৰতৰ লগতে এচিয়াৰ আন বজাৰ সমূহতো ইয়াৰ ইতিবাছক প্ৰভাৱ পৰে ।

ইফালে আমেৰিকাতো জ' বাইডেনৰ শপতৰ পিছতে সমৰ্থক সকলৰ মাজত উৎসাহৰ ঢল বৈছে । ৰেকৰ্ড সংখ্যক নেফটি আৰু ছেনচেক্স বৃদ্ধিৰ ফলত ভাৰতত লাভান্বিত হৈছে টাটা মটৰ্চ, বাজাজ ফাইনচাভ,বাজাজ ফাইনেণ্স , ইউপিএ, এছচিএল টেক আদি কোম্পানী সমূহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in