মে’ৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল…

মে’ৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল…
  • সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব চলিত বৰ্ষৰ মে' মাহৰ প্ৰথম সপ্তাহত।
  • ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে সদৰী কৰিছে এই কথা।
  • এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত হোৱা বুলি ছেবাৰ অধ্যক্ষগৰাকীয়ে দাবী কৰে।
  • পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছতে পূৰ্বৰ পৰিকল্পনা অনুসৰি 'দিশা' নামৰ এক চাইক্ৰ'মেট্ৰিক টেষ্ট অনুষ্ঠিত কৰিবলৈ সাজু ছেবা।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪৪,৪৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।
  • ৭১৯টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ।
  • এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল- ৩,৫৮,৪৪৬ গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in