শেহতীয়া খবৰ
কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি... VIDEO  •  নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...

ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ

9,851

ডিজিটেল ডেস্কঃ যান বাহন শাখাৰ ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ। বহু প্ৰতিবন্ধকাতৰ মাজতো সততাৰে দায়িত্ব পালন কৰাৰ বাবে প্ৰশংসা কৰিলে আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালকপ্ৰধান জিপি সিঙে।

পঢ়ক এই খবৰঃ ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো…

টুইটাৰত বিষ্ণু বৰাৰ ফটো টুইট কৰি বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি নজিৰ স্থাপন কৰা চানমাৰী যান বাহন শাখাৰ আৰক্ষী দলটোৰ অভিনন্দন জ্ঞাপন কৰে।

পঢ়ক এই খবৰঃ ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই…

উল্লেখযোগ্য যে, ন’ পাৰ্কি জ’নত যান বাহন ৰখোৱাৰ বাবে এখন গাড়ীত হুইল ক্লেম ল’ক লগাই দিছিল যান বাহন শাখাৰ আৰক্ষীয়ে। গাড়ীখনত আছিল দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা। লগত আছিল আন দুজন বিধায়ক ক্ৰমে- মৰাণৰ চক্ৰ গগৈ আৰু ডিগবৈৰ সুৰেন ফুকন। কৰ্তব্য সম্পাদন কৰাৰ সময়ত আৰক্ষী কনিষ্টবল বিষ্ণু বৰাক শাৰিৰীকভাৱে অপদস্থ কৰাৰো অভিযোগ উঠিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি