দৰমহা বছৰি ৯.২ কোটি টকাঃ কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অপৰাধত চাকৰি গ’ল বেংক বিষয়াৰ

দৰমহা বছৰি ৯.২ কোটি টকাঃ কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অপৰাধত চাকৰি গ’ল বেংক বিষয়াৰ

ডিজিটেল ডেস্কঃ লণ্ডনত এগৰাকী উচ্চপদস্থ বেংক কৰ্মী হিচাপে কৰ্মৰত আছিল তেওঁ। লাভ কৰিছিল এক মোটা অংকৰ দৰমহা। কিন্তু বিগত মাহত তেওঁক নিলম্বন কৰে কৰ্তৃপক্ষই। কাৰণ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে কেণ্টিনৰ পৰা খাদ্য চুৰি কৰাৰ অভিযোগ।

লণ্ডনৰ কেনাৰী ওৱাৰফৰ চিটিবেংকৰ ইউৰোপীয় মুখ্য কাৰ্যালয়ত উস্থপদস্থ বিষয়া হিচাপে কৰ্মৰত আছিল ভাৰতৰ পাৰশ শ্বাহ। ভাৰতীয় মূল্যত তেওঁ বছৰি লাভ কৰিছিল প্ৰায় ৯.২ কোটি টকাৰ ঈৰ্ষণীয় দৰমহা। কিন্তু অফিচৰ কেণ্টিনৰ পৰা খাদ্য চুৰিৰ অপৰাধত চিটি গ্ৰুপে তেওঁক জানুৱাৰী মাহত নিলম্বন কৰে।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যম ফাইনেন্সিয়েল টাইমৰ বাতৰি অনুসৰি, ইউৰোপৰ ক্ৰেডিট ট্ৰেডাৰ সকলৰ ভিতৰত অন্যতম আছিল পাৰশ শ্বাহ। তেওঁৰ সহকৰ্মীৰ মতে সকলোৰে প্ৰিয় আছিল তেওঁ। ৭ বছৰ এইছএছবিচিত কাম কৰাৰ পাছত পৰশ শ্বাহে ২০১৭ চনত চিটি গ্ৰুপত যোগ দিছিল আৰু খুব কম সময়ৰ ভিতৰতে তেওঁ সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল।

বাতৰি অনুসৰি, বিগত মাহত চিটি গ্ৰুপৰ উচ্চ পদস্থ বিষয়াসকলে লাভ কৰাৰ কথা আছিল বোনাচ। কিন্তু তাৰ এসপ্তাহ পূৰ্বেই পাৰশ শ্বাহৰ বিৰুদ্ধে উত্থাপিত হয় খাদ্য চুৰিৰ অভিযোগ। অৱশ্যে পাৰশ শ্বাহে কিমান বাৰ কেণ্টিনৰ পৰা খাদ্য চুৰি কৰিছিল সেয়া জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত একাধিক সংবাদ মাধ্যমে পাৰশ শ্বাহৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছে যদিও এই সন্দৰ্ভত মুখ খুলিবলৈ অস্বীকাৰ কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in