পি চিদাম্বৰামৰ জামিন আৱেদন সন্দৰ্ভত চিবিআইলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী প্ৰেৰণ…

পি চিদাম্বৰামৰ জামিন আৱেদন সন্দৰ্ভত চিবিআইলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ জাননী প্ৰেৰণ…

ডিজিটেল ডেস্কঃ আই এন এক্স মিডিয়া কেলেংকাৰী গোচৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে পি চিদাম্বৰামৰ জামিন আৱেদন সন্দৰ্ভত চিবিআইৰ উত্তৰ বিচাৰি এক জাননী প্ৰেৰণ কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিদাম্বৰামৰ অধিবক্তা কপিল সিব্বলে কয়- আমি ন্যায়িক জিম্মাক প্ৰত্যাহ্বান জনাইছো। লগতে ৰেলুগাৰ জামিন বিচাৰিছো। জামিন সন্দৰ্ভত ন্যায়াধীশে কয়- 'আপুনি ইয়াত কিয় আহিছে?' তাৰ উত্তৰ অধিবক্তাগৰাকীয়ে কয় যে, 'তথ্য-প্ৰমাণ চাই আপুনি ন্যায় কৰিব পাৰে। তাৰ পূৰ্বে ৰেগুলাৰ জামিন প্ৰদান কৰিব পাৰিব।'

তাৰপাছত পুনৰন্যায়ালয়ত ন্যায়াধীশগৰাকীয়ে কয়- 'আপোনালোকে পূৰ্বতে ন্যায়ালয়ত কিয় যোৱা নাছিল।আপুনি এদিনৰ ভিতৰতে ল'ৱাৰ ক'ৰ্টৰ পৰা উচ্চ ন্যায়ালয়লৈ আহে আৰু এতিয়া কৈছে যেসোনকালে কৰক।' চিদাম্বৰামৰ অধিবক্তাগৰাকীয়ে ন্যায়ালয়ত তাৰপাছত কয় যে- 'সেইদিনান্যায়ালয়ত গৈ পোৱা সময়ত সন্ধিয়া ৫.৩০ বাজিছিল। তাৰপাছত ছুটী আছিল। এইটো এটা গম্ভীৰবিষয় সেয়েহে আপোনাক অনুৰোধ জনাইছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in