বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোক…

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোক…

ডিজিটেল সংবাদ,বিহপুৰীয়া: বিশিষ্ট নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱাৰ মৃত্যু ৷
দেওবাৰে পুৱা ৫.৩০ বজাত জি.এম.চি.এইচত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰজনে । বিগত কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল নাট্যকাৰ পৰিচালকজন ।

বহু কালজয়ী নাটকৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱাৰ মৃত্যুুত জন্মস্থান বিহপুৰীয়াৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ । মৃত্যুৰ সময়ত তেওঁ পত্নী ,একমাত্ৰ পুত্ৰ,দুই কন্যা তথা পৰিয়াল স্বজনক এৰি থৈ যায় ৷

বিহপুৰীয়া সন্মিলিত নাট্য সমাজ,বিহপুৰীয়া প্ৰেছ ক্লাব,বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা,বিহপুৰীয়া শাখা সাহিত্য সভা,বিহপুৰীয়া ক্লাব,বিহপুৰীয়া বিজ্ঞান সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক প্ৰকাশ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in