আৰু এজন সুদীপ্ত সেন! চীট ফাণ্ড নহয়, গ্ৰাহকৰ কোটি টকা লৈ এইবাৰ পলাল মহানগৰীৰ ডাকঘৰৰ পোষ্ট মাষ্টাৰ…

আৰু এজন সুদীপ্ত সেন! চীট ফাণ্ড নহয়, গ্ৰাহকৰ কোটি টকা লৈ এইবাৰ পলাল মহানগৰীৰ ডাকঘৰৰ পোষ্ট মাষ্টাৰ…

ডিজিটেল ডেস্কঃ ৰ'জ ভেলী বা সাৰদা নহয়, এইবাৰ কোটি টকা লৈ পলাল ডাকঘৰৰ পোষ্ট মাষ্টৰ। বহু গ্ৰাহকৰ কোটি টকা লৈ পলোৱা এই ডাকঘৰৰ পোষ্ট মাষ্টৰজনৰ কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। সাৰদা, ৰ'জ ভেলী, জীৱন সুৰক্ষা চীট ফাণ্ডৰ দৰেই কাণ্ড সংঘটিত হ'ল কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ ডাকঘৰ বিভাগত।

মাণিক দেউৰী নামৰ ৰীতা ডাকঘৰত অঞ্চলটোৰ বহু লোকে দৈনিক ধন ডাকঘৰত জমা থোৱাৰ লগতে ডাকঘৰৰ বিভিন্ন স্কীমৰ অধীনত জমা থোৱা ধন অতি কৌশলেৰে আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ অহাত এতিয়া হুৱাদুৱা লাগিছে গ্ৰাহকসকলৰ মাজত।

নিলম্বন হৈ থকা পোষ্ট মাষ্টাৰ দেউৰীয়ে ধন জমা দিবলৈ অহা গ্ৰাহকসকলক ডাকঘৰৰ ডিজিটেল প্ৰিণ্টাৰটো বেয়া বুলি কৈ হাতেৰে পাছবুকসমূহত লিখি দিছিল ধন জমা দিয়াৰ পৰিমান। কিন্তু সেই ধন ডাকঘৰত জমা থোৱাৰ সলনি এই বিষয়াগৰাকীয়ে আত্মসাৎ কৰি গৈছিল দীৰ্ঘদিন ধৰি।

২০১৮চনত এই পোষ্ট মাষ্টাৰগৰাকীক নিলম্বনৰ পাছতেই উক্ত ডাকঘৰটোত যোগ দিছিল নতুন এগৰাকী পোষ্ট মাষ্টাৰে। তেতিয়া ধন জমা দিবলৈ অহা লোকসকলক বিভাগীয় নিয়ম অনুসৰি- ডিজিটেল প্ৰিণ্টাৰত তেওঁলোকৰ পাছবুকসমূহ আপডেট কৰোতে ধৰা পৰে এই বিসংগতি।

এতিয়ালৈকে প্ৰায় ৯০জন গ্ৰাহকৰ ধন আত্মসাৎ কৰা তথ্য পোহৰলৈ আহিছে। একোজন গ্ৰাহকৰ একাউণ্টৰ পৰা সৰ্বাধিক ১২ লাখ পৰ্যন্ত টকা আত্মসাৎ কৰিছে দেউৰী নামৰ পোষ্ট মাষ্টাৰ গৰাকীয়ে । তাৰপাছতেই গ্ৰাহকসকল উপায়ন্ত হৈ যোগাযোগ কৰিছিল এই পোষ্ট মাষ্টাৰগৰাকীৰ সৈতে।

ডাকঘৰটোৰ পৰা পোষ্ট মাষ্টাৰে ধন আত্মসাৎ কৰা গ্ৰাহকসকলৰ ভিতৰত আছে অৰ্চনা কলিতা, মিনতী কলিতা, ৰাণুমণি নাথ, অনিমা নাথ, মবিতা বৈশ্য, চন্দ্ৰধৰ বড়ো, সংগীতা লহকৰ, অপৰাজিতা ঘাটোৱাল, কৰুণা কলিতা, ববিতা মহন্ত, পম্পী সিনহা, ডিম্বেশ্বৰ দাস, জয়ন্ত প্ৰসাদ চৌধুৰী, অনিতা তালুকদাৰ, ধীৰেন্দ্ৰ নাথ ডেকা, লীলা ডেকা আদি।

নতুন পোষ্ট মাষ্টাৰগৰাকীক গ্ৰাহকসকলে অভিযোগ কৰা অনুসৰি ডিজিটেল মেচিন বেয়া হোৱা বুলি কৈ তেওঁলোকক পাছবুকত হাতেৰে জমা দিয়া ধনৰ পৰিমান লিখি দিছিল এই পোষ্ট মাষ্টাৰজনে। তেওঁক নিলম্বনৰ পাছত যোগদান কৰা পোষ্ট মাষ্টাৰগৰকাীৰ মতে, বেয়া হোৱাই নাছিল ডাকঘৰটোত থকা পাছবুক আপডেট কৰিবলৈ থোৱা ডিজিটেল প্ৰিন্টাৰটো।

এইদৰে প্ৰায় ২ কোটি টকা দেউৰী নামৰ পোষ্ট মাষ্টাৰজনে আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। এই ধনৰ পৰিমান আৰু অধিক হোৱাৰো সম্ভাৱনা আছে। হেঙেৰাবাৰীৰ এই ডাকঘৰটোত সংঘটিত এই বৃহৎ কেলেংকাৰীৰ পাছত উপায়ন্ত হৈ পৰা গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।

এনে বহু গ্ৰাহকে তেওঁলোকৰ ডাকঘৰত থকা একাউণ্টৰ পৰা ধন হৰলকি হোৱাৰ পাছত এই সন্দৰ্ভত জানিবলৈ দেউৰী পোষ্ট মাষ্টাৰৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছে যদিও, তেওঁৰ ম'বাইল ফোনত যোগাযোগ সম্ভৱ হোৱা নাই।

সাধাৰণতে চীট ফাণ্ড কেলেংকাৰীত এনেদৰে বহু ভুৱা প্ৰতিষ্ঠানে গ্ৰাহকৰ ধন লুট কৰা ঘটনা সংঘটিত হৈছিল। সাৰদা, ৰ'জ ভেলী, জীৱন সুৰক্ষা আদি চীট ফাণ্ডৰ সেই ঘটনাৰ পাছত খোদ চৰকাৰী ডাকঘৰতে এনেদৰে গ্ৰাহকৰ কোটি কোটি টকা প্ৰবঞ্চনাৰে খোদ পোষ্ট মাষ্টাৰে লুটি নিয়াৰ পাছত এতিয়া গ্ৰাহকসকলৰ মাজতো এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ডাকঘৰটোত সংঘটিত এই বিত্তীয় কেলেংকাৰীৰ সৈতে পোষ্ট মাষ্টাৰজনৰ লগতে আন ডাক কৰ্মচাৰী জড়িত থকাৰো সন্দেহ কৰা হৈছে। বিভাগীয়ভাৱে এই ঘটনাৰ তদন্ত চলি থকাৰ লগতে আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে সন্ধান পোৱা নাই ডাকঘৰত ধন জমা থোৱা গ্ৰাহকৰ ধন আত্মসাৎ কৰা এই পোষ্ট মাষ্টাৰগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in