২৩ আগষ্টৰ পৰা হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান

২৩ আগষ্টৰ পৰা হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠান হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। আজি মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত অধ্যক্ষ ড০ বিপুল ভূঞাই এই কথা জানিবলৈ দি কয় যে অহা ২৩, ২৪ আৰু ২৫ আগ্ষ্টত বৰ্ষজোৰা সোণালী জয়ন্তীৰ প্ৰাৰম্ভিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।

কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৮ বজাত সোণালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিপুল ভূঞাই। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৮-৩০ বজাত স্মৃতি তপৰ্ণ, ৯ বজাত বৃক্ষ ৰোপণ আৰু ১০-৩০ পৰিৱেশ নিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব।

দ্বিতীয় দিনা পুৱা ৫ বজাত প্ৰাক্তন শিক্ষাৰ্থী আৰু প্ৰয়াস নামৰ সেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পাছতে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ নাম পঞ্জীয়ন, প্ৰাক্তন সাধাৰণ সম্পাদকসকলক সম্বৰ্ধনা, ১১-৩০ বজাত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ অন্তৰংগ আলাপ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।

অন্তিম দিনা পুৱা ৮ বজাত আৰম্ভ হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ড০ পদ্মেশ্বৰ গগৈয়ে। পুৱা ১১-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি অতুল বৰাই। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীয়ে বিশিষ্ট অতিথি আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গীতিমণি ফুকনে সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব। সভাত সাংসদ গৌৰৱ গগৈ আৰু জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলেও অংশগ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in