নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ…

নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ…

ডিজিটেল সংবাদ,নলবাৰী : 'জাতীয় চৈতন্য এটি অহৰহ বুকুত কঢ়িয়াই লৈ ফুৰা হেতুকে হেমকোষ পুনৰ উদ্ধাৰ কৰিছিল দেৱানন্দ বৰুৱাই । মানুহ যেতিয়া স্বাধীনচেতা হয় তেতিয়া তেওঁ চৰকাৰৰ বা ৰজাঘৰৰ অধীনত থাকিব নিবিচাৰে । আত্মনিৰ্ভশীলতাৰ পথ নিজেই নিৰ্ধাৰণ কৰে তেনে সংগ্ৰামী সত্তাই।'– এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি , বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ।

বৃহস্পতিবাৰে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলত ,লখিমী শাখা সাহিত্য সভাৰ উদ্যোগত তথা নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আয়োজন কৰা হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাৰ স্মৃতিচাৰণ সভাত এইদৰে বক্তব্য প্ৰদান কৰা শৰ্মাই বৰুৱা ভাষা জননীৰ এজন অক্লান্ত কৰ্ম কেশৰী আছিল বুলি কয় । লখিমী শাখা সাহিত্য সভাৰ সভাপতি বিভা বুজৰ বৰুৱাৰ সভাপতিত্বত হোৱা সভাখনত বিশিষ্ট লেখিকা গৰাকীয়ে বিডিঅ'ৰ ৰাজকীয় চাকৰি এৰি ভাষাৰ সাধনাত কাম কৰা দেৱানন্দ বৰুৱাক অভিধানিক আন্দোলনৰ ধ্বজা বাহক বুলি মত প্ৰকাশ কৰে ।

লখিমীৰ সম্পাদক শচীন শৰ্মাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ড° প্ৰভাত কলিতা , সাহিত্য সমাজৰ সম্পাদক নৱ তালুকদাৰ , শিক্ষাব্ৰতী ইৰা গোস্বামী , শৰ্মিষ্ঠা শৰ্মা , দীপা ভট্টাচাৰ্য , সাংবাদিক হিৰণ্য ভট্টাচাৰ্য্য , কবি জিন্টুমণি শৰ্মা , মৃণ্ময় শৰ্মা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।। দেৱানন্দ বৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ধ্ৰুৱজ্যোতি শৰ্মাই।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in