একাগ্ৰতা আৰু কৰ্মস্পৃহাই সফল কৰে মানুহক উদাহৰণ বকোৰ হেমন্ত ৰাভা…

একাগ্ৰতা আৰু কৰ্মস্পৃহাই সফল কৰে মানুহক উদাহৰণ বকোৰ হেমন্ত ৰাভা…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত এগৰাকী যুৱকে ৰেষ্টুৰেণ্টৰ লগতে ফুলৰ নাৰ্চাৰী কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকো বজাৰৰ মাজমজিয়াত বকো বাকাৰাপাৰা গাঁৱৰ হেমন্ত ৰাভা নামৰ যুৱক গৰাকীয়ে ২০১৬ ইং বৰ্ষত আৰম্ভ কৰে 'পাৰ্ক ৰেষ্টুৰেণ্ট নামাৰে এখন ৰেষ্টুৰেণ্ট। অৰ্থিক ভাৱে অতি দুৰ্বল যুৱক হেমন্ত ৰাভাই হাতত থকা মাথো চল্লিশ হেজাৰ টকাৰে ৰেষ্টুৰেণ্টখন সম্পূৰ্ণ জৈৱিক পৰিৱেশত বালি-চিমেণ্টৰ সলনি কেৱল বাঁহ আৰু মাটিৰে ৰেষ্টুৰেণ্টখন সাঁজিছে ।

ৰেষ্টুৰেণ্টখনৰ সন্মুখৰ ফালে থকা খালি ঠাইত গোলাপ, সৰ্পগন্ধা, গেন্ধাই মালতী, ৰক্তজৱা,নয়নতৰা, এল'ভেৰা,খৰিকাজাই, মোমাই তামোল,পৰ্টুলাকা,চিংগনিয়াম,হৰিশংখ, ময়ুৰপংখীকে ধৰি বিভিন্ন ফুলৰ নাৰ্চাৰীও কৰিছে । নাৰ্চাৰীখনৰ বাবে ৰেষ্টুৰেণ্টখনক আৰু অধিক ধুনীয়া দেখা হৈছে।যি সময়ত হোটেল-ৰেষ্টুৰেণ্ট বুলি ক'লেই মদ বিক্ৰী আৰু পান কৰাৰ স্হলী বুলি মনলৈ ভাৱ আহে যদিও হেমন্ত ৰাভাই কোনো কাৰণতে পৰ্ক ৰেষ্টুৰেণ্টত সেইবোৰ অসামাজিক কাম কৰা নাই ।যাৰবাবে ৰেষ্টুৰেণ্টখনত এক সুন্দৰ পৰিৱেশত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু অভিভাৱকে দিনটো খোৱাৰ বাবে ভিৰ কৰি থাকে।

সততা আৰু সেৱাৰ মনোভাৱেৰে ব্যৱসায়ত মনোনিৱেশ কৰা যুৱকগৰাকীয়ে দপাদপে উন্নতি কৰি বকো বজাৰৰে শিংৰা নদীৰপৰত আন এখন নতুন ৰেষ্টুৰেণ্টৰ কাম আৰম্ভ কৰিছে । ইতিমধ্যে নতুন ৰেষ্টুৰেণ্টখনৰ কামো পঞ্চাশ শতাংশ আগবাঢ়িছে ।যুৱক হেমন্ত ৰাভাই জানিবলৈ দিয়া মতে নতুন ৰেষ্টুৰেণ্টখনত সম্পূৰ্ণ থলুৱা খাদ্যৰ উপৰিও এক সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছে ।

উদ্যোমী যুৱক হেমন্ত ৰাভাই আজিৰ এই পৰ্যায় পোৱাৰ বাবে দহ বছৰ বয়সৰ পৰাই সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে । জানিবপৰা মতে ঘৰৰ আৰ্থিক দুৰৱস্হাৰ বাবে দহ বছৰ বয়সতে শুৱালকুছিত পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰিবলৈ মালিকৰ অধীনত থাকিব লগা হৈছিল। অতি কম বয়সতে দুটাকৈ বছৰ শুৱালকুছিত কাপোৰ বোৱা কাম শিকি হেমন্ত ৰাভাই ঘৰলৈ ঘূৰি আহি পুনৰ বকো ডোবাপাৰাগাঁৱৰ নমল ৰাভাৰ ঘৰত কাপোৰ বোৱা শিপিনী হিচাপে নিয়োজিত হয় ।

 পৰৱৰ্তী পৰ্যায়ত ঘৰতে চাৰিখন মেচিনশাল বহুৱাই পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰি ব্যৱসায় কৰে ।২০১৬ ইংবৰ্ষত বকো বজাৰৰ মাজমজিত থকা পংকজ কলিতাৰ মাটিত ৰেষ্টুৰেণ্ট ব্যৱসায় আৰম্ভ কৰে ।জীৱন সংগ্ৰামৰ পাকচক্ৰত পৰি লেখা-পঢ়া কৰিব নোৱাৰিলেও সততা আৰু পৰিশ্ৰমেৰে গঢ়া পাৰ্ক ৰেষ্টুৰেণ্টখনৰ যোগেদি আন কেইবাগৰাকী কৰ্মচাৰীক সংস্হাপন দিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in