পথ দুৰ্ঘটনাত মৃত্যুক সাবটিলে ৰাজ্যৰ এগৰাকী বিশিষ্ট গীতিকাৰ-সুৰকাৰে

পথ দুৰ্ঘটনাত মৃত্যুক সাবটিলে ৰাজ্যৰ এগৰাকী বিশিষ্ট গীতিকাৰ-সুৰকাৰে

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত দেওবাৰে প্ৰাণ হেৰুৱালে বিশিষ্ট গীতিকাৰ-সুৰকাৰ হেমন্ত গোস্বামীয়ে। গীতানগৰত এখন এছ এছ বি জোৱান কঢ়িওৱা বাছে তেওঁক খুন্দিয়াই নিহত কৰে। ইফালে ঘটনা সংঘটিত কৰিয়ে ঘটনা্স্থলীৰ পৰা পলায়ন কৰে বাছসহ চালকে। এই দুৰ্ঘটনা ইমানে ভয়াৱহ আছিল যে, বাছখনে খুন্দিওৱাৰ পাছতে লোকজন চিটিকি পৰে।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ এএছ-০১-বিচি-১৭১৮ বুলি জানিব পৰা গৈছে। গীতানগৰৰ নিৱাসী গোস্বামীৰ মৃত্যুৰ সময়ত বয়স ৮৪ বছৰ আছিল। প্ৰায় ৬ শতাধিক গীত লিখিছিল এইগৰাকী গীতিকাৰে। ইফালে তেখেতে সুৰ কৰা গীতৰ সংখ্যা ৩০০ৰো অধিক।

বহু কালজয়ী গীতত সুৰ কৰা বিশিষ্ট সুৰকাৰগৰাকীৰ কেইটামান গীত হৈছে 'নামটি তোমাৰ সূৰুযমুখী কোমল কুঁহি ফুল', 'মই এটি দিনৰ জোনাকী' আৰু 'আজি মনৰ ৰুদ্ধদ্বাৰ খুলিলোঁ' ইত্যাদি। তেখেতে লিখা আৰু সুৰ কৰা বহুতো গীতত সুৰ কৰিছে খগেন মহন্ত, জয়ন্ত হাজৰিকা, ৰিদিপ দত্ত, জ্যোতিষ ভট্টাচাৰ্য ইত্যাদি শিল্পীয়ে। ইফালে তেখেতৰ মৃত্যুৰ পিছতে অজস্ৰ শুভাকাংক্ষীয়ে শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in