যোৰহাট জিলা প্ৰশাসনৰ পদক্ষেপঃ ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থী, অভিভাৱকৰ সুবিধাৰ বাবে সেৱা কেন্দ্ৰ মুকলি…

যোৰহাট জিলা প্ৰশাসনৰ পদক্ষেপঃ ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থী, অভিভাৱকৰ সুবিধাৰ বাবে সেৱা কেন্দ্ৰ মুকলি…

ডিজিটেল ডেস্কঃ ইউক্ৰেইনত আবদ্ধ হৈ থকা যোৰহাটৰ শিক্ষাৰ্থী, অভিভাৱক তথা আত্মীয়সকলৰ সুবিধাৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে এক জৰুৰীকালীন সেৱা কেন্দ্ৰ। এই কেন্দ্ৰই ইউক্ৰেইনত আবদ্ধ হৈ থকা শিক্ষাৰ্থী তথা বিভিন্ন লোকসকলক সুৰক্ষিতভাৱে দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত কৰিবলগীয়া যাৱতীয় যোগাযোগৰ ব্যৱস্থা কৰিব। ইউক্ৰেইনত থকা যোৰহাটৰ শিক্ষাৰ্থী সকলৰ সন্দৰ্ভত যিকোনো তথ্যৰ বাবে আত্মীয়সকলক এই জৰুৰীকালীন সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে।

আনহাতে এই এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুটা ফোন নম্বৰ মুকলি কৰিছে। 0376-2300124 আৰু টোল ফ্ৰী নম্বৰ 1077।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in