হাতত নহয়, হেলমেট মূৰত পিন্ধক- VIDEOটো চাওঁক…

হাতত নহয়, হেলমেট মূৰত পিন্ধক- VIDEOটো চাওঁক…

ডিজিটেল ডেস্কঃ গাড়ীৰ লাইচেঞ্চত লিখা থকা এটা সৰু বাক্যৰ গুৰুত্ব কিমান হয়তো আমি একাংশই বুজি নাপাওঁ। কিন্তু কিছু বিশেষ সময়ত এই বাক্যশাৰীৰ প্ৰকৃত অৰ্থ আমি বুজি পালেওঁ, তেতিয়ালৈকে বহু পলম হয়। লাইচেঞ্চত লিখা থাকে 'অলৱেজ ৱেৰ আই এছ আই মাৰ্কড হেলমেট'। কোনো দুৰ্ঘটনাত আমাৰ মগজুত বিশেষ ক্ষতিসাধন নহ'বৰ বাবে লিখা এই বাক্যশাৰীৰ অৰ্থ আগতে যদিও উপলব্ধ কৰা নাই, তেন্তে এটা ভাইৰেল ভিডিঅ' চোৱাৰ পাছত হয়তো আপুনি আপোনাৰ মত সলনি কৰিবলৈ বাধ্য হ'ব।

ভাৰতত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ হেলমেট পৰিধান নকৰাৰ বাবেই মৃত্যু হয়। যাৰ বাবে আৰক্ষীয়েও নাগৰিকক বাইক বা স্কুটী চলোৱাৰ সময়ত হেলমেট পৰিধান কৰিবলৈ কয়। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টো বহুলোকৰ লগতে আই পি এছ বিষয়া ৰাজ তিলকেও শ্বেয়াৰ কৰিছে। কাৰণ এই ভিডিঅ'টোত হেলমেট পৰিধানৰ বাবে এজন লোকৰ জীৱন ৰক্ষা পৰা দেখা পোৱা গৈছে।

ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে- এজন বাইক আৰোহীয়ে এখন ট্ৰাকৰ কাষৰে অতিক্ৰম কৰিবলৈ চেষ্টা চলাওতেই ট্ৰাকখনৰ পিছৰ চকাৰ তলত আৰোহীজনৰ মূৰতো সোমাই যায় আৰু চকাটো মূৰটোৰ ওপৰেৰেই পাৰ হৈ যায়। কিন্তু একমাত্ৰ হেলমেট পৰিধান কৰি থকাৰ বাবেই লোকজন কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় যদিও, মূৰত বিশেষ কোনো ক্ষয়ক্ষতি নহয়। কিন্তু এই পৰিস্থিতিত যদি আৰোহী জনে সেই হেলমেটটো পৰিধান নকৰিলে হয়, তেন্তে কি পৰিস্থিতি হ'ললৈ হয় ভিডিঅ'টো চালে আপুনিও বুজি পাব। সেয়েহে নিজৰ জীৱন ৰক্ষাৰ বাবে সদায় জনোৱা হয় 'বাইক-স্কুটী চলোৱা সময়ত পৰিধান কৰক হেলমেট'। চাওঁক সেই ভাইৰেল ভিডিঅ'টো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in