দুৰ্গোৎসৱ ম্লান কৰিবলৈ অসমলৈ আহি আছে পাকিস্তানী ‘তিতলি’!

দুৰ্গোৎসৱ ম্লান কৰিবলৈ অসমলৈ আহি আছে পাকিস্তানী ‘তিতলি’!

ডিজিটেল ডেস্কঃ সংহাৰ ৰূপ ধাৰণ কৰিছে 'তিতলি'য়ে। বংগোপ সাগৰত দেখা দিয়া নিম্ন চাপৰ ফলত প্ৰচণ্ড ঘূৰ্ণীৰ কবলত পৰিছে অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা। ৰাজ্য দুখনৰ উপকূল অঞ্চল অতিক্ৰমি আন অঞ্চলসমূহলৈও বিয়পি পৰিছে ঘূৰ্ণী তিতলি।

মঙলবাৰে ওড়িশা চৰকাৰে সমগ্ৰ ৰাজ্যখনতে ৰেড এলাৰ্ট জাৰি কৰাৰ পিছত সষ্টম হৈ পৰিছে অসমৰ চুবুৰীয়া পশ্চিমবংগ। শাৰদীয় দুৰ্গোৎসৱক লৈ ব্যস্ত হৈ পৰাৰ সময়তে ঘূৰ্ণী 'তিতলি'ক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে পশ্চিমবংগবাসী।

বতৰ বিজ্ঞান বিভাগেও তিতলিৰ প্ৰভাৱত পশ্চিমবংগৰ লগতে অসমতো দুৰ্গাপূজাৰ সময়ছোৱাত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে। যোৱা দুদিন ধৰি বংগোপ সাগৰত দেখা দিয়া নিম্ন চাপ ষষ্ঠী পৰ্যন্ত অব্যাহত থকালৈ চাই এইবাৰ পশ্চিমবংগ আৰু অসমত শাৰদীয় আনন্দ-উছাহ ম্লান পৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে ওড়িশা আৰু অন্ধ্ৰৰ উপকূলত মাছমৰীয়াসকলক নিৰাপদ ঠাইলৈ স্থানান্তৰৰ ব্যৱস্থা কৰিছে ৰাজ্য দুখনৰ দুৰ্যোগ প্ৰশমন বিভাগে। মঙলবাৰে দুয়োখন ৰাজ্যৰে ভিন্ন স্থানত প্ৰচণ্ড ঘূৰ্ণীৰ লগতে অহা ধাৰাসাৰ বৃষ্টিপাতে ব্যাহত কৰি তোলে স্বাভাৱিক জীৱন-যাত্ৰা।

অন্ধ্ৰ-ওড়িশাত পিছত 'তিতলি'য়ে ক্ৰমাৎ শক্তিশালী হৈ পশ্চিমবংগ অভিমুখে গতি কৰিছে। উল্লেখ্য যে, 'তিতলি'ৰ অসমীয়া অৰ্থ হৈছে পখিলা। পোন ধীৰ গতিৰে ক্ৰমাৎ ভয়াৱহ হৈ পৰা এই ঘূৰ্ণীক 'তিতলি' নামেৰে প্ৰথমে নামাকৰণ কৰিছিল পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে। এই তিতলিয়েই এতিয়া শাৰদীয় দুৰ্গোৎসৱত প্ৰভাৱ পেলাব অসমতো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in