পি চিদাম্বৰমৰ বাবে মঙলবাৰৰ দিনটোত হ’ব পাৰে মংগল…

পি চিদাম্বৰমৰ বাবে মঙলবাৰৰ দিনটোত হ’ব পাৰে মংগল…

ডিজিটেল ডেস্কঃ আই এন এক্স মিডিয়া গোচৰত বিগত প্ৰায় ৯০ দিন ধৰি কাৰাবন্দী হৈ থকা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰম অহা মঙলবাৰে(২৬ নৱেম্বৰ) মুকলি আকাশৰ তললৈ আহিব নেকি! জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ জামিনৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰা হব। ইফালে চি বি আই হাতৰ পৰা মুকলি হৈ বৰ্তমান ই ডিৰ জিম্মাত থকা চিদাম্বৰমক লৈ উচ্চতম ন্যায়ালয়ে নিজৰ পক্ষ ৰাখিবলৈ ই ডিকো নিৰ্দেশ প্ৰদান কৰিছে।

মঙলবাৰে নিজৰ পক্ষত আবেদন দাখিল কৰিব ই ডিয়ে। ইফালে পি চিদাম্বৰমৰ জামিনক লৈ অধিবক্তাই প্ৰথমে দিল্লী উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল যদিও ই ডিয়ে আদালতত যুক্তি দৰ্শাইছিল যে, চিদাম্বৰম মুকলি হৈ গ'লে এই তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ তদন্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত সাক্ষীৰ ওপৰত।

ইয়াৰ পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল পি চিদাম্বৰমৰ অধিবক্তা কপিল চিব্বাল। উল্লেখ্য যে, সোমবাৰে তিহাৰত বন্দী হৈ থকা চিদাম্বৰমক সাক্ষাৎ কৰিছিল শশী থাৰুৰ লগতে কেইবাজনো নেতাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in