নতুন এছ অ’ পিঃ ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব চিনেমা হল…

নতুন এছ অ’ পিঃ ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব চিনেমা হল…
  • স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাজুলীত ঘোষণা কৰিলে নতুন এছ অ' পি।
  • ১ অক্টোবৰৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন এছ অ' পি।
  • ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা।
  • নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
  • ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল। নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান ।
  • হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলি আদি সকলো বাণিজ্যিক প্ৰতিষ্ঠান খুলি ৰাখিব পাৰিব ৯ বজালৈ।
  • ইতিপূৰ্বে নিশা ৮.০০ বজালৈ আছিল এই সময়সীমা। মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ৫০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।
  • দুয়োপালি কোভিড প্ৰতিষেধক লোৱা ৫০গৰাকী লোকে ভাগ ল'ব পাৰিব এনে অনুষ্ঠানত।
  • অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব।
  • সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি কোভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।
  • ৰাজ্যৰ প্ৰসিদ্ধ ধৰ্মীয় অনুস্থান কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদিত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতি।
  • আন ধৰ্মীয় অনুস্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতি।
  • দুয়োপালি কোভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।
  • চিনেমা হ'লসমূহ মুকলি কৰিবলৈ অনুমতি।
  • ৫০ শতাংশ আসনত দুয়োপালি কোভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব।চিনেমা হলত মানিব লাগিব কোভিড প্ৰট'কল।
  • দুয়োপালি কোভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি।
  • শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছ অ'পি জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব।
  • সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে কোভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ে ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখ ভাগত বেনাৰ লগাই ৰাখিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in