সাৱধান! টিভি চাই থাকোতে নাখাব প’পক’ন…

সাৱধান! টিভি চাই থাকোতে নাখাব প’পক’ন…

ডিজিটেল ডেস্কঃটিভিত চিনেমা অথবা ফিল্ম এখন চোৱাৰ সময়ত বহুতৰে এটা অভ্যাস থাকে যে সেই সময়ত প'পক'ন অথবা চানা জাতীয় খাদ্য খাই থকা। কিন্তু শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে যে টিভি চাই থকাৰ সময়ত এনে ধৰণৰ খাদ্য সামগ্ৰীয়ে স্বাহ্যৰ কাৰণে অতিকৈ হানিকাৰক। শিশু লগতে প্ৰাপ্তবয়স্কলোকেও এনে আচৰণৰ বাবে ভুগিব পাৰে বহু কেইটা বেমাৰত।

গৱেষণাটোত প্ৰকাশ পাইছে যে, যিসকল লোকে টিভি চোৱাৰ সময়ত প'পক'ন জাতীয় খাদ্য খায় সেইসকলৰ পাচন ক্ৰিয়া সতি দুৰ্বল হৈ পৰে, যাৰ ফলত 'ম'টবলিক চিন্ড্ৰম'ত আক্ৰান্ত হ'ব পাৰে তেনে লোক। ইয়াৰ উপৰিও এনে ধৰণৰ খাদ্যই বাল্ড প্ৰেচাৰ, হাই বাল্ড ছুগাৰ, ককালৰ ছৰ্বী বৃদ্ধি কৰা আৰু হাই ক'লষ্ট্ৰলৰ দৰে সমস্যা বঢ়ায়।

গৱেষণাটোত লগতে কোৱা হৈছে, টিভি চোৱাৰ সময়ত এনে খাদ্যৰ ফলত বিভিন্ন সমস্যাত পৰাৰ কাৰণটো হ'ল সেইসময়ত লোকজনৰ সম্পূৰ্ণ মনোযোগ টিভিত থাকে, যাৰ ফলত বিসংগতিপূৰ্ণভাৱে এই খাদ্য সমূহ খাই থকা হয়।

উল্লেখ্য যে, ম'টবলিক চিন্ড্ৰম কোনো ৰোগৰ নাম নহয়, যেতিয়া শৰীৰত একে লগে বহু কেইটা ৰোগ হয়, তেনে অৱস্থাটোকহে এইদৰে কোৱা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in