বাংগালুৰুত শ্ৰেণীকোঠাৰ ভিতৰতে ঘপিয়াই হত্যা প্ৰধান শিক্ষকৰ

বাংগালুৰুত শ্ৰেণীকোঠাৰ ভিতৰতে ঘপিয়াই হত্যা প্ৰধান শিক্ষকৰ

ডিজিটেল ডেস্কঃ বাংগালুৰুত দেওবাৰে এটা ৬জনীয়া দুৰ্বৃত্তৰ দলে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আৰক্ষীয়ে জনোৱা মতে, অগ্ৰহাৰা দছৰহল্লী উপনগৰস্থিত হৱানুৰ পাব্লিক স্কুলৰ ৬০ বছৰীয়া প্ৰধান শিক্ষকগৰাকীয়ে দশম শ্ৰণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰি থকা সময়তে দুৰ্বৃত্তৰ দলটো শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশ কৰে আৰু চোকা অস্ত্ৰৰে প্ৰধানশিক্ষকগৰাকীক আক্ৰমণ কৰে৷ ইয়াৰ পিছতে ৬ জনীয়া দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে৷

ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই মহালক্ষ্মী অঞ্চলৰ পৰা ঘটনাৰ সৈতে জড়িত এজন লোকক আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ আনহাতে এই হত্যাৰ আঁৰৰ প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বিদ্যালয়খনৰ ভূমি সম্বন্ধীয় কোনো কাৰণতে দুৰ্বৃত্তৰ দলটোৱে প্ৰধান শিক্ষকগৰাকীক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in