ওদালগুৰিত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ “জাষ্টিছ ফৰ প্ৰিয়ংকা” শীৰ্ষক সমদল…

ওদালগুৰিত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ “জাষ্টিছ ফৰ প্ৰিয়ংকা” শীৰ্ষক সমদল…

ডিজিটেল সংবাদ, ওদালগুৰি: বিগত বৃহস্পতিবাৰে হাইদৰাবাদৰ শ্বাদনগৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত বলাৎকাৰ কৰি হত্যা কৰা এক ঘটনা সংঘটিত হোৱাৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী ২২ বছৰীয়া মহিলা চিকিৎসক প্ৰিয়ংকা ৰেড্ডীক কেইটামান নৰপিশাচে নিশা দলবদ্ধভাৱে বলাৎকাৰ কৰি পাছত মহিলাগৰাকীক নিৰ্দয়ভাৱে জ্বলাই দিয়ে।

এই ঘটনাৰ পাছতে এতিয়া দেশজুৰি হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত ৰাজপথলৈ ওলাই আহিছে নৱপ্ৰজন্ম। অসমৰো বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে দেওবাৰে ওদালগুৰিৰ ৰাজপথলৈ ওলাই আহিল চহৰখনৰ কলেজীয়া ছাত্ৰ-ছাত্ৰীসকল।

প্ৰায় শতাধিক যুৱক-যুৱতীয়ে হাতে হাতে মম জ্বলাই ওদালগুৰিৰ ছহিদ বেদী প্ৰাঙ্গণৰ পৰা "জাষ্টিছ ফৰ প্ৰিয়ংকা" শীৰ্ষক এক সমদল বাহিৰ কৰে। সমদলৰ পূৰ্ৱে প্ৰয়াত মহিলা চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত মম জ্বলাই তেখেতৰ আত্মাৰ সদগতিৰ লগতে হত্যাকাৰীয়ে কঠোৰতম শাস্তি লাভৰ বাবে প্ৰাৰ্থনা কৰে।

সমদলত অংশগ্ৰহণ কৰি তেওঁলোকে কয় যে- এনেধৰণৰ ঘটনা সংঘটিত কৰা দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা উচিত। তেতিয়াহে এনেধৰণৰ ঘটনা ৰোধ হোৱাৰ আশা আছে। যুৱতীসকলে চৰকাৰক দাবী কৰি কয় যে কঠোৰ আইন প্ৰণয়ণ কৰি হ'লেও এইসকল নৰপিশাচক উচিত শাস্তি প্ৰদান কৰি স্বৰ্গগামী চিকিৎসকগৰাকীক ন্যায় প্ৰদান কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in