পাষাণ পিতৃ! কন্যা-জোৱায়েকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰাণ নাশৰ চেষ্টা
ডিজিটেল ডেস্কঃ হায়দৰাবাদত সংঘটিত হ’ল কৰুণ ঘটনা। নিজ কন্যা আৰু জোৱায়েকক চোকা অস্ত্ৰৰে আক্ৰমণ চলালে পিতৃয়ে। ঘৰৰ অমতত বিয়া হোৱা বাবেই এই আক্ৰমণ চলালে লোকজনে।
আক্ৰমণ সংঘটিত কৰাৰ পাছতেই পলায়ন কৰে অভিযুক্ত পিতৃগৰাকীয়ে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান চলাই আছে যদিও, এতিয়ালেক আটক কৰিব পৰা নাই।
ভাৰতীয় দণ্ডবিধি ৩০৭ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছে হায়দৰাবাদ আৰক্ষীয়ে। বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে কন্যা আৰু জোৱায়েকে।