হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী…

হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২ বজাত তিনিটাকৈ গৰু বেপাৰীক সীমান্তৱৰ্তী এলেকাৰ পৰা কৰায়ত্ব কৰি গ্ৰেপ্তাৰৰ পাছত আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুদ্বীপ চৌধুৰীৰ নেতৃত্বত যোৱা নিশা গোপান সুত্ৰৰ আধাৰত ভাৰত-বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্তত অভিযান চলাবলৈ আৰম্ভ কৰে।

আৰক্ষীৰ এই অভিযানৰ ফলত অৱশেষত শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২ বজাত তিনি জনকৈ গৰু বেপাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হয়। গৰুৰ বেপাৰী কেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰি আৰক্ষী চকীত আনি জেৰা চলোৱাৰ পাছত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা গৰু বেপাৰী কেইজন ক্ৰমে- দক্ষিণ শালমাৰা থানা এলেকাৰ পুৰান সুখচৰ গাঁৱৰ প্ৰয়াত নুৰ হুছেইন খানৰ পুত্ৰ তাহাজুৰ ইছলাম (৪০), দ্বিপচৰ গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ সাহেৰ আলী (৪০) আৰু কালাইৰ আলগা প্ৰথম খণ্ড গাঁৱৰ আব্দুল লতিফ মু্ন্সিৰ পুত্ৰ তাহাজ উদ্দিন সেখ (২৯) বুলি পৰিচয় পোৱা গৈছে।

আটাইকেইজন গৰু বেপাৰীক আৰক্ষীয়ে শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰে। ফলত আদালতে তিনিও জনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰেও দক্ষিণ শালমাৰা আৰক্ষীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ ৰছমাৰী চৰৰ পৰা তিনিটা গৰু আৰু ম'হ সৰবৰাহকাৰীক তিনিটা মহ সহ গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বিগত দুটা দিনত দক্ষিণ শালমাৰা আৰু খাৰুৱাবান্ধা আৰক্ষীয়ে এইদৰে ৬ জনকৈ গৰু বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে দীৰ্ঘ দিনৰ মুৰত বৃহত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে সীমান্তৰ বিভিন্ন স্থানৰ পৰা আৰক্ষী, বিএছএফে জব্দ কৰা গৰু দক্ষিণ শালমাৰা থানা এলেকাৰ দুটা খোৱাৰা আৰু উক্ত থানা এলেকাৰে খাৰৱাবান্ধা আৰক্ষী চকী এলেকাৰ হাটশিঙিমাৰীৰ এখন খোৱাৰাত সুখচৰ আৰু খাৰুৱাবান্ধা আৰক্ষীয়ে জব্দ কৰা জমা কৰা হয়। দক্ষিণ শালমাৰাৰ খোৱাৰাত জমা কৰা গৰু বিগত প্ৰায় এবছৰে চৰকাৰে নিলামৰ ব্যৱস্থা নকৰাত খাদ্য তথা চিকিতসাৰ অভাবত অস্বাভাবিক ভাবে গৰু অকালতে মৃত্যু মুখত পৰিবলৈ ধৰিছে।

হাটশিঙিমাৰীতো সীমান্তৰ পৰা জব্দ কৰা গৰু খাদ্য, ঠাই তথা চিকিৎসাৰ অভাবত মৃত্যু মুখত পৰিবলগীয়া হৈছে। হাটশিঙিমাৰীৰ দাফাদাৰপাৰাত থকা জিন্নাত আলী নামৰ লোক জনৰ খোৱাৰাত আৰক্ষী-বিএছএফে জব্দ কৰা গৰু জমা কৰা হয়। চৰকাৰে আদালতৰ জৰিয়তে নিলাম নকৰালৈ খোৱাৰাত গৰু জমা কৰি লালন-পালন কৰা হয়। বিগত প্ৰায় ডেৰ মাহ পূৰ্বে হাটশিঙিমাৰীত প্ৰায় প্ৰতি মাহত দুবাৰকৈ গৰু নিলাম হৈছিল।

এনে পৰিস্থিতৰ মাজত বেচৰকাৰী সেচ্চাসেৱী সন্থাই উক্ত নিলামৰ গৰু পাব লাগে বুলি উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পাছত হাটশিঙিমাৰীত গৰু নিলামৰ কাম বিগত প্ৰায় ডেৰ মাহ ধৰি বন্ধ হৈ পৰিছে বুলি জনা গৈছে । হাটশিঙিমাৰীৰ উক্ত খোৱাৰাটোত প্ৰায় ১০০ টা গৰু কোনোমতে ৰাখিব পাৰি যদিও ডেৰ মাহে আৰক্ষী-বিএছএফে প্ৰায় ৩৭০ টা গৰু জব্দ কৰিছে।

১০০ টা গৰুৰ ঠাইত ৩৭০ টা গৰু একেলগে ৰখাৰ ফলত গৰুৰ ঠাইৰ অভাব ঘটাৰ লগতে খোৱাৰাৰ গৰাকীয়ে পৰ্যাপ্ত পৰিমানে খাদ্য যোগান ধৰিব পৰা নাই। এনেকি খোৱাৰাত ৰখা গৰু খাদ্যৰ অভাবত অসুস্থ হৈ পৰাত আৰক্ষীয়ে দৈনিক পশু চিকিতসকৰ দ্বাৰা চিকিতসাৰ ব্যৱস্থা কৰিছে যদিও দৈনিক এটা-দুটাকৈ গৰু মৃত্যু মুখত পৰিব ধৰিছে। মুঠৰ ওপৰত সময়মতে নিলাম নোহোৱাত খাদ্যৰ অভাবত গৰু মৃত্যু মুখত পৰাৰ ফলত আৰক্ষীয়ে বিপাঙত পৰা পৰিলক্ষিত হৈছে।

বিগত প্ৰায় ১৫ দিন ধৰি সীমান্তত বিএছএফে জব্দ কৰা গৰু আৰক্ষীয়ে চমজাই লোৱা নাই বুলিও আৰক্ষী সুত্ৰে জনা গৈছে। ফলত সীমান্তত থকা বিএছএফ কেম্প সমূহত গৰুবোৰ জমা কৰি ৰখাৰ ফলত বিএছএফেও গৰু লৈ বিপদত পৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে সেচ্চাসেৱী সন্থাই গৰু বোৰ নিলামৰ যোগেদি পালে পুনৰবাৰ নিলাম আৰম্ভ হ'ব। কিন্তু কেতিয়া গৰু নিলাম হ'ব তাৰ কোনো নিশ্চিয়তা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in