হাটশিঙিমাৰী টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টত জিলা প্ৰেছ ক্লাৱৰ জয়লাভ…

হাটশিঙিমাৰী টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টত জিলা প্ৰেছ ক্লাৱৰ জয়লাভ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈ থকা হাটশিঙিমাৰী টি-১০ ক্ৰিকেট টুৰ্ণামেণ্টৰ দেওবাৰৰ খেলখনত জিলা প্ৰেছ ক্লাব দল ৩৬ বানৰ বিনিময়ত জয়লাভ কৰে। উল্লেখযোগ্য যে, যোৱা ১৩ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হোৱা এই টুৰ্ণামেণ্টৰ আজি অষ্টম নম্বৰ খেলত জিলা প্ৰেছ ক্লাৱৰ মুখ মুখী হয় বেপাৰীপাৰা ৰকেট ক্লাব।

জিলা প্ৰেছ ক্লাব টচত জয়ী হৈ প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ১০ অভাৱত ৫ উইকেটৰ বিনিময়ত ৯৭ ৰান সংগ্ৰহ কৰে। দলত হৈ ইলিয়াছ ৰহমান সৰ্বাধিক ২২ সংগ্ৰহ কৰে। আনহাতে ৰকেট ক্লাৱ দ্বিতীয় ইনিংছ বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ১০ অভাৰত ৫ উইকেট হেৰুৱাই ৬১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলৰ হৈ আব্দুৰ ৰহিম ২ অভাৰ বল কৰি ১৪ ৰান দি ৩ টা উইকেট লাভ কৰে। খেলৰ ম্যান অফ দ্যা মেচ ইলিয়াছ ৰহমানক দিয়া হয়।

মন কৰিবলগীয়া বিষয় এয়া যে, অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ মানকাচৰৰ সাংবাদিক তথা জিলা প্ৰেছ ক্লাৱৰ সভাপতি কবিৰ মণ্ডল অধিনায়ক হিচাপে খেল খন পৰিচালনা কৰি জিলা প্ৰেছ ক্লাব সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in