হাটশিঙিমাৰীত সদৌ অসম নতুন পেঞ্চন আঁচনি কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি,উত্তাল প্ৰতিবাদ…

হাটশিঙিমাৰীত সদৌ অসম নতুন পেঞ্চন আঁচনি কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি,উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত আজি জিলা নতুন পেঞ্চন আঁচনি (এন পি এছ) কৰ্মচাৰী সন্থাই কৰ্ম বিৰতি পালন কৰি নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবী তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে সদৌ অসম নতুন পেঞ্চন আঁচনি কৰ্মচাৰী সন্থা চমুকৈ এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত আজি পুৱাৰ পৰাই দক্ষিণ শালমাৰা মানকাচৰ জিলা এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে হাটশিঙিমাৰী মহাবিদ্যালয় চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

জিলা এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ উপাধক্ষ জহিৰুল ইছলাম আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ মনিৰুজজামান শেখৰ নেতৃত্বত শতাধিক কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। 'নতুন পেঞ্চন আঁচনি বাতিল কৰক, কৰ্মচাৰী সকলৰ বাবে পুৰণি পেঞ্চন পুনৰ ঘূৰাই আনক, আমাক ন্যায় প্ৰদান কৰক ইত্যাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে কৰ্মচাৰী সকলে।

মন কৰিবলগীয়া বিষয় এয়া যে ২০০৫ চনৰ পৰা অসম চৰকাৰে যিসকল কৰ্মচাৰী নিযুক্তি দিছে তেওঁলোকৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি বাতিল কৰি নতুন পেঞ্চন আঁচনিৰ আধাৰত নিযুক্তি দিয়া হৈছে। যাৰ ফলত কৰ্মচাৰী সকলে অৱসৰ লোৱাৰ পাছত তেওঁলোকৰ পেঞ্চনৰ পৰিমাণ অতিকৈ কম হোৱাত কৰ্মচাৰী সকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। যাৰ বাবে এই নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবী উত্থাপন কৰিছে এ এ এন পি এছ কৰ্মচাৰী সন্থাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in