হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস…

হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মহামায়া নগৰস্থিত ৰাজীৱ ভৱনৰ সম্মুখত সোমবাৰে জিলাখনৰ ফেকামাৰী আৰু মানকাচৰ ব্লক কংগ্ৰেছে যৌথ ভাৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰে। উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশমৰ্মে ফেকামাৰী আৰু মানকাচৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতাৰণা দিৱস পালন কৰা হয়।

প্ৰতাৰণা দিৱসৰ সময়চোৱাত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে। একেদৰে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰৰ এটা প্ৰতিলিপি কপিত অগ্নি সংযোগ কৰি প্ৰতিবাদ সাব্যস্থ কৰে কংগ্ৰেছ কৰ্মী সকলে। এই প্ৰতাৰণা দিৱসত মানকাচৰৰ কংগ্ৰেছী বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল উপস্থিত থাকি কয় যে- ২০১৭ চনৰ পৰা আজি প্ৰযন্ত বিজেপি চৰকাৰে দিয়া কোনো এখনো প্ৰতিশ্ৰুতি সফল কৰিব নোৱাৰিলে। ফলত কংগ্ৰেছে আজি ৰাজ্যজুৰি প্ৰতাৰণা দিৱস পালন কৰিবলগীয়া হৈছে।

এই প্ৰতাৰণা দিৱস উপস্থিত কংগ্ৰেছৰ এগৰাকী জেষ্ঠ্য নেতা তথা ফেকামাৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সেখ মঃ আব্দুল জলিল চৰকাৰ কয় যে- মিছা কথাৰে এজন, দুজন এহেজাৰজনক ঠগিব পাৰি, কিন্তু মিছা কথাৰে গোটেই জীৱন ঠগিব নোৱাৰি। একেদৰে ফেকামাৰী ব্লক কংগ্ৰেছৰ সভাপতি দুলাল চন্দ্ৰ সাহা কয় যে- বিজেপিৰ প্ৰতিশ্ৰুতি, আৰু মিছা প্ৰলোভন সকলোয়ে বুজি পাইছে, গতিকে আগন্তক দিনত ৰাইজে বিজেপিক উতখাত কৰি কংগ্ৰেছক পুনৰ চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়।

লক্ষণীয় বিষয় এয়া যে, কংগ্ৰেছৰ এই প্ৰতাৰণা দিৱসত প্ৰায় শতাধিক লোক অংশগ্ৰহণ কৰে। ইয়াৰে একাংশ জনে কোৰোনা ভাইৰাছৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা মানি মাক্স পৰিধান কৰে যদিও আন একাংশজনে মাক্স পৰিধান নকৰাকৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে। একেদৰে প্ৰতিবাদকাৰী সকলে কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি এই প্ৰতাৰণা দিৱস পালন কৰা পৰিলক্ষিত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in