হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত বানপানীক লৈ সাংবাদিক-জিলা প্ৰশাসন-এএছডিএমএৰ জৰুৰী বৈঠক…

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত বানপানীক লৈ সাংবাদিক-জিলা প্ৰশাসন-এএছডিএমএৰ জৰুৰী বৈঠক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত জিলা প্ৰশাসনৰ উদ্যোগত আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাংবাদিক, জিলা প্ৰশাসন আৰু অসম ৰাজ্যিত দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক জৰুৰী বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাসৰ সভাপতিত্বত জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা সভাকক্ষক এই জৰুৰী সভা অনুষ্ঠিত হয়। সভাখনত অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা চমুকৈ এএছডিএমএৰ যোগাযোগ বিশেষজ্ঞ অভিস্নান ৰাজখোৱা, জিলা প্ৰকল্প বিষয়া মঞ্জিত মহন্ত, জিলা কৰ্যবাহী দণ্ডাধীশ বিষয়া দেৱাশীশ বৰা, মানকাচৰ ৰাজহ চক্ৰ বিষয়া শ্বাহানাজ ইকবালৰ লগতে জিলাখনৰ ভালে সংখ্যাক সাংবাদিক উপস্থিত থাকে।

এই সভাখনৰ জৰিয়তে বান পৰিস্থিতিৰ সময়ত জিলাখনৰ ক'ত কেনে ধৰণৰ সমস্যা আহিব পাৰে সেই সম্পৰ্কে বিস্তাৰিত ভাবে আলোচনা কৰা হয়। আনকি আগন্তক বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰথম বাৰৰ বাবে হিমান্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে বুলি সাংবাদিক সকলক অৱগত কৰে। তদুপৰি বানৰ সময়ত ক্ষতিগ্ৰস্থ হোৱা লোক সকলক কিদৰে আৰ্থিক সহায়-সহযোগিতা কৰিব পাৰি সেই সম্পৰ্কেও বিস্তাৰিত ভাবে আলোচনা কৰা হয়।

মন কৰিবলগীয়া বিষয় এয়া যে, অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুই বিষয়া এই সভাখনত অংশগ্ৰহণ কৰাৰ পাছত খাৰুৱাবানন্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু হাটশিঙিমাৰী মহাবিদ্যালয় পৰিদৰ্শন কৰি বানৰ সময়ত এই দুই শিক্ষানুষ্ঠানক ৰিলিফ কেম্প প্ৰস্তুত কৰাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰে। লগতে বানৰ সময়ত জিলাখনত সৃষ্টি হোৱা সমস্যা খিনি অসম চৰকাৰৰ অৱগত কৰি সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হ'ব বুলিও এই বৈঠক খনত আলোচনা কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in