হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক নিলম্বন…

হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক নিলম্বন…

ডিজিটেল সংবাদ, হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীস্থিত জিলা কৃষি বিভাগৰ জিলা সহকাৰী কাৰ্যবাহী অভিযন্তাজনে কাৰ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা এদিনো কাৰ্যালয়ত উপস্থিত নোহোৱাত তেওঁক কৃষি বিভাগে বুধবাৰে নিলম্বিত কৰে।

উল্লেখযোগ্য যে, ৰেকিব আহমেদ নামৰ জিলা কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জনে প্ৰায় ছয় মাহ পূৰ্বে হাটশিঙিমাৰীস্থিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ত যোগদান কৰিছিল। যোগদান কৰিয়ে তেওঁ ধুবুৰীত গৈ বাহৰ পাতি থকাৰ লগতে কৃষক সকলে কাম বিচাৰি তেওৰ কাৰ্যালয়ত আহিলে কাৰ্যালয় বন্ধ থকাৰ ফলত উভতি যাব লগা হয়।

চৰকাৰে কৃষক সকলৰ বাবে শ্বেল মেচিন, ছোলাৰ, পানী দিয়া মটৰকে ধৰি বিভিন্ন সা-সজুলি বিতৰণ কৰি আহিছে এই কৃষি বিভাগৰ জৰিয়তে। কিন্তু এইগৰাকী সহকাৰী অভিযন্তা ৰেকিব কৰ্মত যোগদানৰ পিছত প্ৰায় ছ-মাহ ধৰি হাটশিঙিমাৰীৰ কাৰ্যালয়ত নিজৰ ইচ্চা মতে অনুপস্থিত থাকি চৰকাৰী দৰমহা ভোগ কৰি আহিছে। জিলা খনৰ প্ৰায় ৮০ শতাংশ লোক কৃষি কাৰ্য কৰি পৰিয়ালক পোহপাল দিয়ে। কিন্তু এইগৰাকী অভিযন্তাৰ অনুপস্থিতিৰ বাবে কৃষক সকলে দৈনিক উভতি যাবলগা হয়।

উল্লেখ্য যে, এই সন্দৰ্ভত একাংশ কৃষক, হিতাধিকাৰী তথা সচেতন ৰাইজে জিলা উপায়ুক্ত আতিকা ছুলতানাক অভিযোগ দি আহিছিল। উক্ত অভিযোগৰ ভিত্তিত বুধবাৰে চৰকাৰে কৃষি বিভাগৰ ফালৰ পৰা বিষয়া জনক নিলম্বিত কৰে। অনিৰ্দিষ্ট কালৰ বাবে তেওক নিলম্বন কৰাৰ পাছত কৃষক সকলে তেওৰ পৰিবৰ্তে উপয়ুক্ত তথা ভাল এগৰাকী বিষয়াক নিয়োগ কৰিবলৈ দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in