এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত…

এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত…

ডিজিটেল সংবাদ, কলিয়াবৰ: কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্হাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে ৷ তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ খেতিমাটি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাৱে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মানৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খাটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য ৷

সম্প্ৰতি ছয়টা পাম্পৰ জৰিয়তে পানী উত্তোলন কৰিব পৰা ব্যৱস্হা থকা সত্বেও এচিয়াৰ দ্বিতীয় সৰ্ববৃহৎ ৰূপে চিহ্নিত কেইবা কোটি টকাৰ আঁচনি খনৰ পৰা কৃষক ৰাইজ অলপো উপকৃত হোৱা নাই৷ বৰঞ্চ কলিয়াবৰৰ কৃষি মহকুমাটোত সম্প্ৰতি পথাৰৰ কৃষক সকলে বৰষুণৰ পানীলৈ অপেক্ষা কৰিব লগাত পৰিছে। কৃষি মহকুমাটোৰ অধীনত হাতীমূৰা পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰ নদীত স্হাপিত সংশ্লিষ্ট কোটটকীয়া জলসিঞ্চন প্ৰকল্পটো সম্প্ৰতি আছে গৰু নবয় হালৰ লেখিয়া হৈছেগৈ। বিগত কেইবাবছৰ ধৰি বিভাগটোয়ে কৃষি পথাৰলৈ পানী যোগান ধৰিব নোৱাৰা কথাই এতিয়া হতাশ কৰিছে সংশ্লিষ্ট কৃষক ৰাইজক।

আৰম্ভনিতে প্ৰকাণ্ড জাহাজ সদৃশ দখন বাৰজ স্হাপনৰে বৃহৎ আকাৰৰ যন্ত্ৰৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পৰা পানী উত্তোলন কৰি নলাৰ জৰিয়তে পথাৰলৈ পানী বোৱাই আনি কৃষকক জলসিঞ্চনৰ সুবিধা প্ৰদানৰ পৰিকল্পনা ৰচনা কৰা হৈছিল৷ লগতে কলং উত্তোলিত জলসিঞ্চন আঁচনি খনৰ জৰিয়তে পানী উত্তোলন কৰি শ্লুইছ গেটৰ সহায়ত কলঙেৰে বোৱাই কলংপৰীয়া ৰাইজৰ খেতি পথাৰ জীপাল কৰাৰো ব্যৱস্থা লোৱা হৈছিল। জলসিঞ্চন আঁঁচনি খনৰ জৰিয়তে কৃষকৰ পথাৰলৈ মথাউৰিৰ সহায়ত পানী বোৱাই নিয়াৰ ব্যৱস্থা কৰা হৈছিল। মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল চি এ ডি বিভাগ। সেই সময়ত যেনিতেনি মথাউৰি নিৰ্মাণ কৰাৰ বাবেই বহু পথাৰলৈ পানী বোৱাই নিবলৈ আজিও সক্ষম হোৱা নাছিল বিভাগটো।

ইফালে, যোৱা ২০১৭ চনৰ ১২ আগষ্টত হাতীমূৰাৰ বান্ধ ভাগি সৃষ্টি হোৱা ভয়াবহ বানপানীত জলসিঞ্চনৰ মথাউৰি সমূহ ভাগিচিগি গৈছিল যদিও সেয়া আজি পৰ্যন্ত মেৰামতি কৰা নহল। বিগত চাৰি বছৰে ভগা মাথাউৰি সমূহ মেৰামতি কৰিবলৈ আহৰি নেপোৱা কথাই প্ৰমাণ কৰে কৃষকৰ প্ৰতি জলসিঞ্চন বিভাগটোৰ দায়বদ্ধতা কিমান?  এতিয়া পুনৰ বাৰিষা অহাৰ লগে লগে কৃষক ৰাইজে বৰষুণৰ পানীলৈ অপেক্ষা কৰিব লগা হোৱা সময়ত জলসিঞ্চনৰ বৰ প্ৰয়োজন যদিও বিকল আঁচনি খনে কৃষক ৰাইজক কি ধৰনেৰে সকাহ দিব তাকলৈও এতিয়া প্ৰশ্ন উঠিছে। দীৰ্ঘদিন ধৰি "সোণৰ কণী পৰা হাঁহ" বুলি বদনাম থকা কলিয়াবৰৰ এই জলসিঞ্চন বিভাগটোত কাম আৰম্ভ কৰা দিনৰে পৰাই এতিয়ালৈকে সহস্ৰাধিক বিষয়া ঠিকাদাৰ আদি লাভান্বিত হ'ল যদিও দৰিদ্ৰ কৃষক ৰাইজে একো সুফল নাপালে। 

কিছু বছৰৰ পূৰ্বে হাতীমূৰাৰ নলাইদি কৃষি পথাৰলৈ পানী বোৱাই আনিবলৈ সক্ষম হৈছিল যদিও মাজে মাজে কোনোবা সময়ত মথাউৰি ভাগিলেই পানী যোগান বন্ধ হৈ পৰিছিল। জলসিঞ্চন আঁচনি খনে সামৰি লোৱা গাওঁ সমূহৰ ভিতৰত বিশেষকৈ মিৰিভেটি, বৰভকতি, দুলাল, নাগশংকৰ, দয়াল, সৰুভগীয়া, সোন্দৰ, বড়িগাঁও, নাহৰ, উদাসীন চুক, ওপৰচতিয়াল, বৰুৱা চুক আদিকে ধৰি বৃহৎ অঞ্চল। কিন্তু এই বেলি ব্ৰহ্মপুত্ৰৰ নদীয়ে সুতি সলনি কৰাত কোটি টকীয়া বাৰ্জ দুখন বালিত পোত যোৱাৰ আশংকাই দেখা দিছে। যদিও সংশ্লিষ্ট বিভাগটোৱে বালিচৰত নলা কাটি বহু দূৰৰ পৰা বাৰ্জ দুখন থকা ঠাইলৈ পানী বোৱাই আনিবলৈ সক্ষম হৈছে।

ভৰ বাৰিষাৰ সময়ত ইয়াৰ কিছু পৰিৱৰ্তন ঘটিব বুলিও বিভাগীয় কৰ্তৃপক্ষই কিছু আশা প্ৰকাশ কৰিছে। বাৰিষাৰ এই জটিল সময়চোৱাত কোটি টকীয়া প্ৰকল্পটো গতিশীল কৰিবলৈ ৰাইজে নতুন চৰকাৰক দাবী জনোৱাৰ লগতে বাৰ্জ দুখন সক্ৰিয় কৰি কৃষি পথাৰলৈ প্ৰয়োজন সাপেক্ষে পানী যোগান ধৰিবলৈ বৰ্তমানৰ নতুন চৰকাৰ খনক কলিয়াবৰীয়া কৃষক ৰাইজে আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in