হাথৰছ ধৰ্ষণ কাণ্ডঃ চিবিআই তদন্তৰ দাবী কৰা নাই পীড়িতাৰ পৰিয়ালে…

হাথৰছ ধৰ্ষণ কাণ্ডঃ চিবিআই তদন্তৰ দাবী কৰা নাই পীড়িতাৰ পৰিয়ালে…

ডিজিটেল ডেস্কঃ হাথৰছ যোৱা ১৪ ছেপ্টেম্বৰত সংঘটিত হৈছিল এক জঘন্য ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক কৰা হৈছিল দলবদ্ধ ধৰ্ষণ। তাৰপাছতে পীড়িতাগৰাকীক চিকিৎসাধীন কৰা হৈছিল যদিও যোৱা মঙলবাৰে মৃত্যু হয় যুৱতীগৰাকীৰ। এই ঘটনাৰ পাছতে সমগ্ৰ দেশতে পীড়িতা আৰু তেওঁৰ পৰিয়ালক ন্যায় দিয়াৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

উত্তৰপ্ৰদেশ যোগী চৰকাৰে এই ঘটনাৰ বাবে চিবিআইক তদন্ত কৰাৰ অনুৰোধ জনাইছে যদিও পীড়িতাগৰাকীৰ পৰিয়ালে চিবিআইয়ে তদন্ত কৰাতো বিচৰা নাই। তেওঁলোকৰ মতে, এই সমগ্ৰ ঘটনাৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ অধীনত হ'ব লাগে। ইফালে, এছ আই টিয়ে এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ ৰিপৰ্ট ইতিমধ্যে দাখিল কৰিছে। উল্লেখ্য যে, এই ৰিপৰ্ট দাখিলৰ পাছত এছ পি সহ বহু কেইজন আৰক্ষীৰ লোকক নিলম্বিত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in