ভাৰতৰ জোৱাই হ’ল চতুৰ্থজন পাক ক্ৰিকেটাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ পাকিস্তানৰ ফাষ্ট বলাৰ হাছান আলী।ডুবাইত মঙলবাৰে বিবাহপাশত আৱদ্ধ হ'ল এই ক্ৰিকেটাৰগৰাকী। ২৫ বছৰীয়া হাছানৰ কইনা হ'ল এগৰাকী ভাৰতীয় যুৱতী। ডুবাইত অনুষ্ঠিত হৈ গ'ল পাক ক্ৰিকেটাৰজনৰ বিবাহ অনুষ্ঠান।

ছ'চিয়েল মিডিয়াত পাক ক্ৰিকেটাৰজনে বিয়াৰ ফটো, ভিডিঅ' ইতিমধ্যে ৰাজহুৱা কৰিছে। হাছানৰ সৈতে ডুবাইত বিবাহপাশত আৱদ্ধ হোৱা ভাৰতীয় যুৱতীগৰাকীৰ নাম ছামিয়া আৰ্জু।হাছানৰ যুগ্মজীৱনৰ প্ৰতি শুভেচ্ছা জনাই বহুজনে প্ৰেৰণ কৰিছে শুভেচ্ছা বাৰ্তাও।

ভাৰতীয় টেনিছ তাৰকা তথা পাকিস্তানৰ বোৱাৰী ছানিয়া মিৰ্জাই শুভেচ্ছা জনাইছে হাছানক। ইফালে, বিয়াৰ পূৰ্বে পাক ক্ৰিকেটাৰগৰাকীয়ে ছ'চিয়েল মিডিয়াত নিজৰ এখন ফটো আপলোড কৰি লিখিছিল- 'লাষ্ট নাইট এজ বেটছেলাৰ'।

https://twitter.com/MediaChowk/status/1163855945547616262

ভাৰতীয় যুৱতীক বিয়া পতা হাছান হ'ল চতুৰ্থজন পাক ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে জাহিৰ আব্বাছ, মৌহছিন খান, ছৈয়ব মালিকে ভাৰতীয় যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ২০১০চনত ছানিয়া মিৰ্জাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছৈয়ব মালিক।

https://twitter.com/CutteeJawad/status/1163872935167311877

হাছানৰ পত্নী অৰ্থাৎ ছামিয়া আৰ্জুৰ ঘৰ হাৰিয়ানাত। ডুবাইৰ এক অনুষ্ঠানত প্ৰথম হাছানৰ সৈতে পৰিচয় হৈছিল ছামিয়াৰ। এই বিবাহ অনুষ্ঠানলৈ ভাৰত আৰু পাকিস্তানৰ কেইবাজনো ক্ৰিকেটাৰক নিমন্ত্ৰণ জনোৱা হৈছিল।

অৱশ্যে ভাৰতীয় ক্ৰিকেট দলৰ কোনো সদস্যই এই বিবাহ অনুষ্ঠানত অংশ নল'লে। পাক ক্ৰিকেট দলৰ মাত্ৰ ছাদাব খান উপস্থিত আছিল এই বিবাহ অনুষ্ঠানত।পাকিস্তান ক্ৰিকেট দলৰ আন সদস্যসকলে প্ৰশিক্ষণৰ বাবে এই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল খেলুৱৈসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in