ছানিয়া মিৰ্জাৰ পিচত পাকিস্তানৰ বোৱাৰী হ’ব আন এগৰাকী ভাৰতীয় কন্যা, ২০ আগষ্টত পাক ক্ৰিকেটাৰৰ সৈতে বহিব বিয়াত…

ছানিয়া মিৰ্জাৰ পিচত পাকিস্তানৰ বোৱাৰী হ’ব আন এগৰাকী  ভাৰতীয় কন্যা, ২০ আগষ্টত পাক ক্ৰিকেটাৰৰ সৈতে বহিব বিয়াত…

ডিজিটেল ডেস্কঃ পাকিস্তানক ক্ৰিকেটাৰ ছোৱেইব মালিকৰ পিচত পাকিস্তানৰ আন এগৰাকী ক্ৰিকেটাৰ হব ভাৰতৰ জোঁৱাই। ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ পিচত পাকিস্তানৰ বোৱাৰী হবলৈ ওলোৱা এই ভাৰতীয় কন্যা গৰাকী হৈছে ছামিয়া আৰ্জু।

ডুবাইত এমিৰেটছ এয়াৰলাইনছট কৰ্মৰত ছামিয়া আৰিজু অচিৰেই বিবাহপাশত আৱদ্ধ হব পাকিস্তান ক্ৰিকেট দলৰ পেচবলাৰ হাছান আলীৰ সৈতে। হাৰিয়ানাৰ নৰ জিলাৰ ছান্দনী গাঁৱৰ নিৱাসী ছামিয়া আৰ্জু আৰু পাক ক্ৰিকেটাৰ হাছানৰ বিয়া চলিত বৰ্ষৰ ২০ আগষ্টত ডুবাইৰ এখন হোটেলত সম্পন্ন হব।

উল্লেখ্য যে, ২৫ বছৰীয়া ছানিয়াই এগৰাকী বন্ধুৰ যোগেদি লগ পাইছিল ক্ৰিকেটাৰ হাছান আলীক। পৰৰ্ৱতূ সময়ত দুয়োৰে মাজত গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক। আনহাতে ছামিয়াৰ বিয়াক লৈ অত্যন্ত সুখী পৰিয়াল। পৰিয়ালৰমতে তেওলোক এজনে আনজনক অত্যন্ত ভাল পায়, যাৰ বাবে পৰিয়ালৰ এই বিয়াক লৈ কোনো আপত্তি নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in