চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা ছাত্ৰীক গণধৰ্ষণ, বলাৎকাৰীৰ ৰূপত সেনা জোৱান

চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা ছাত্ৰীক গণধৰ্ষণ, বলাৎকাৰীৰ ৰূপত সেনা জোৱান

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত ডামিনী কাণ্ডত কৈ ভয়ানক কাণ্ড এইবাৰ সংঘটিত হৈছে হাৰিয়ানাত। চি বি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা এগৰাকী ছাত্ৰীক ১২ ছেপ্টেম্বৰ, বুধবাৰে গণধৰ্ষণ কৰিলে ৩জন যুৱকে। চি বি এছ চি পৰীক্ষাত সুফল লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ লাভ কৰা এইগৰাকী মেধাবী ছাত্ৰী আছিল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী।

কলেজৰ পৰা ঘৰলৈ উভতাৰ বাবে কানিনাড় বাছ আস্থানত অপেক্ষা কৰি থাকোতেই ছাত্ৰীগৰাকীক ৩জন যুৱকে জোৰ জবৰ্দস্তি লৈ গৈছিল নিৰ্জন স্থানলৈ। তাতেই নিচাজাতীয় দ্ৰব্য খুৱাই সংঘটিত কৰিছিল এই বৰ্বৰ কাণ্ড। তাৰ পাছত পুণৰ বাছ আস্থানৰ সমীপতেই পেলাই থৈ গৈছিল এইগৰাকী মেধাবী ছাত্ৰীক।

এই ঘটনাৰ পাছতেই সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাৰ ৰেৱড়ীত সংঘটিত হোৱা এই কাণ্ডৰ পাছতেই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰু দোষীক কৰায়ত্ত কৰিবৰ বাবে ইতিমধ্যে বিশেষ আৰক্ষীৰ গোট গঠন কৰিছে। ইফালে ছাত্ৰীগৰাকীৰ পিতৃৰ দাবী- এই বলাৎকাৰ কাণ্ডৰ লগত ৩জন নহয়, ৮-১০জন লোক জড়িত হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে এই কাণ্ডৰ সৈতে জড়িত তিনিজনক চিনাক্ত কৰিছে। তাৰ ভিতৰত এজন সেনা বাহিনীৰ জোৱানো আছে।

ৰাজস্থানত কৰ্মৰত এই সেনা জোৱানজনক কৰায়ত্ত কৰিবলৈ ইতিমধ্যে হাৰিয়ানা আৰক্ষীয়ে অভিযান চলাইছে। আৰক্ষীয়ে এই বলাৎকাৰ কাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্তৰ ফটো ৰাজহুৱা কৰিছে। তেওঁলোক ক্ৰমে মনিষ, পংকজ আৰু নিছু। ইয়াৰে পংকজ নামৰ যুৱকজন সেনাৰ জোৱান। এতিয়ালৈকে অৱশ্যে এজনো অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই।

সেনাৰ জোৱানজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৱাৰেন্ট জাৰি কৰিছে। শনিবাৰে আবেলি সেনা জোৱানজনে হাৰিয়ানা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা। ইফালে, হাৰিয়ানা আৰক্ষীৰ অৱহেলা সন্দৰ্ভতো তদন্ত কৰা হ'ব বুলি জনাইছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে। ঘটনাস্থলীলৈ গৈ আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ডামিনী কাণ্ডই। তাৰপাছত ৰেৱড়ীৰ এই ধৰ্ষণকাণ্ডই অনুৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত।

ৰেৱড়ী আৰক্ষী অধীক্ষকে অপৰাধী তিনিজনৰ সন্ধান দিওঁতালৈ ১লাখকৈ টকা ঘোষণা কৰিছে। দেশ ৰক্ষকৰূপি সেনাৰ জোৱান এনে কাণ্ডৰ সৈতে জড়িত হৈ পৰাৰ খবৰে এই ঘটনাক লৈ আৰু অধিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চি বি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা এগৰাকী মেধাবী ছাত্ৰীক দিনদুপৰতে বলাৎকাৰৰ বলি হোৱা ঘটনাৰ পাছতে হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধেও জাঙোৰ খাই উঠিছে দল-সংগঠন।

মহিলা আয়োগেও এই ঘটনাটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন মেধাবী ছাত্ৰীগৰাকী। ১৯ বছৰীয়া এই ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাত তেওঁক কেবাজনো লোকে বলাৎকাৰ কৰাতো নিশ্চিত হৈছে। দশম শ্ৰেণীত চি বি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি গৌৰৱ কঢ়িয়াইছিল এই গৰাকী মেধাবী ছাত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in