হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কৃষক মহাপঞ্চায়ত অনুষ্ঠানত কৃষকৰ প্ৰতিবাদ,আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ….

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ কৃষক মহাপঞ্চায়ত অনুষ্ঠানত কৃষকৰ প্ৰতিবাদ,আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ….

ডিজিটেল ডেস্ক : হাৰিয়ানাৰ কৰ্ণাল জিলাৰ কেমলা গাওঁত বিজেপিয়ে কৃষক মহা পঞ্চায়ত ৰেলী উলিয়াই । এই ৰেলীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাজ্যখনৰ কৃষক সকলক সম্বোধন কৰাৰ সম্ভাৱনা আছিল । কিন্তু মুখ্যমন্ত্ৰী মনোহৰ লাল উপস্থিত নহওতেই এই ৰেলীৰ বিৰোধিতাৰে বহু সংখ্যক কৃষকে সেই স্থানত উপস্থিত হয় । আৰক্ষীয়ে প্ৰতিবাদী কৃষক সকলক ছত্ৰভংগ দিয়াৰ বাবে চেষ্টা কৰে যদিও আতৰি নগ'ল কৃষক সকল ।

কৃষক সকলক ছত্ৰভংগ দিয়াৰ বাবে প্ৰতিবাদী কৃষকৰ ওপৰত ঠাণ্ডা পানীৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে আৰক্ষীয়ে । যাৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে ।
হাৰিয়ানাৰ সেই অঞ্চলৰ চাৰিওফালৰ পৰা শ শ কৃষক সমবেত হয়। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধৰ পিছতে কৃষক সকল নিজ নিজ গাওঁৰ আৰু খেতি কৰা স্থানলৈ গুচি যায় । আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ খণ্ডযুদ্ধৰ পিছতে তাত বৃহৎ সংখ্যক আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in