শেহতীয়া খবৰ
নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  ১ মিনিটত ২৫ খবৰ  •  ১ মিনিটত ২৫ খবৰ  •  দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ  •  ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি...  •  যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ  •  দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…  •  দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ...

মঞ্চতেই কুঠাৰ দাঙি কাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিলে মুখ্যমন্ত্ৰীয়ে? VIDEO

542

ডিজিটেল ডেস্কঃ জনসভাত এগৰাকী মুখ্যমন্ত্ৰীৰ খঙক লৈ এতিয়া চলিছে সৰৱ চৰ্চা। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এক জনসভা সম্বোধন কৰাৰ সময়তে নিজৰে দলৰ এজন নেতাক কুঠাৰেৰে ঘপিয়াই শিৰচ্ছেদ কৰাৰ ভাবুকি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সন্মুখতে কৰা এনে আচৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এখন জন আশীৰ্বাদ ৰেলী সম্বোধন কৰাৰ অন্তত মঞ্চত ভাষণ দিবলৈ উঠিছিল। হাতত কুঠাৰ লৈ থকা মুখ্যমন্ত্ৰীগৰাকীক সেই সময়ত পিছফালৰ পৰা এজন বিজেপি নেতাই পৰম্পৰাগত টুপী পিন্ধাবলৈ চেষ্টা কৰে। তাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে খং কৰি হাতৰ কুঠাৰ দাঙি বিজেপি নেতাজনৰ ডিঙি কটাৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰীৰ এনে আচৰণ দেখি হাতজোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হয় বিজেপি নেতাজনে।

মুখ্যমন্ত্ৰীগৰাকীৰ এনে আচৰণৰ ভিডিঅ’টো কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাইও টুইটাৰত শ্বেয়াৰ কৰিছে। য’ত তেওঁ লিখিছে- খং আৰু অহংকাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। খট্টৰ চাহাবৰ খং কিয় উঠে। হাতৰ কুঠাৰ দাঙি নিজৰেই দলৰ নেতাক ভাবুকি দিয়ে- ডিঙি কাটিম তোৰ। তেন্তে ভাৱক, সাধাৰণ জনতাৰ সৈতে তেওঁ কি কৰিব?

উল্লেখ্য যে, মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে ৰাজহুৱাকৈ খং প্ৰদৰ্শন কৰাৰ এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও কৰ্নালত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ফটো উঠিবলৈ যোৱা এজন যুৱকক গতিয়াই দি ৰাগ ব্যক্ত কৰিছিল খট্টৰে। আনহাতে ফেব্ৰুৱাৰী মাহত ১৯ লাখ টকাৰ সম্পত্তি চুৰি হোৱাৰ পিছত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰলৈ অহা এহাল বৃদ্ধ দম্পত্তিক অশালীন ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি