হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ বাবে কংগ্ৰেছৰ ১০টা চৰ্ত- খাব নোৱাৰিব নিচাযুক্ত দ্ৰব্য, পিন্ধিব লাগিব খাকী পোছাক আৰু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিজৰ নিজৰ দলৰ প্ৰাথী বাচনিত নামি পৰিছে ৰাজনৈতিক দলসমূহ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় সিদ্ধান্ত মানি চলিব পৰা আৰু গান্ধীবাদী বিচাৰধাৰাৰে সম্পৰ্ক থকা যোগ্য প্ৰাৰ্থীৰ সন্ধান চলাইছে কংগ্ৰেছে। তাৰ বাবে এক নতুন কৌশলো অৱলম্বন কৰিছে কংগ্ৰেছে। নিৰ্বাচনৰ বাবো যোগ্য প্ৰতিপন্ন হোৱা প্ৰাৰ্থীসকলৰ বাবে ১০টা চৰ্ত ৰখাৰ লগতে আৰ্থিক সংকটৰ পৰা মুক্তি পাবলৈ কংগ্ৰেছে টিকটৰ বাবে শুল্কও নিৰ্ধাৰণ কৰিছে। শুল্ক লগোৱাৰ কাৰণ দৰ্শাই ইয়াৰ ফলত দায়বদ্ধশীল লোকেহে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিব বুলি জনায় কংগ্ৰেছ নেতৃত্বই।

হাৰিয়ানা কংগ্ৰেছৰ প্ৰদেশ অধ্যক্ষ কুমাৰী শৈলজাই প্ৰাৰ্থিত্বপিয়াসী সকলৰ বাবে আবেদনৰ প্ৰাথমিক ফৰ্ম টুইটযোগে জাৰি কৰিছে। টিকত বিচৰা সকলে দলীয় সদস্যতা ফৰ্মৰ লগতে আবেদন পত্ৰ পূৰণ কৰি ২৩ ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব। আনহাতে কংগ্ৰেছে নিৰ্ধাৰণ কৰা চৰ্ত অনুসৰি প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে কোনো নিচাযুক্ত দ্ৰব্য পান নকৰাৰ ঘোষণা কৰিব লাগিব। তদুপৰি প্ৰমাণিক খাদী বস্ত্ৰ পৰিধান কৰিব লাগিব প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে। ধৰ্ম নিৰপেক্ষতাত বিশ্বাসৰ লগতে ধৰ্মৰ ভিত্তিত কাৰো সৈতে ভেদ ভাৱ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব বুলি প্ৰাৰ্থিত্বপ্ৰত্যাশীক চৰ্ত প্ৰদান কৰিছে কংগ্ৰেছে।

কংগ্ৰেছে প্ৰদান কৰা এই চৰ্ত সমূহৰ জৰিয়তে দলে যে কেৱল গান্ধীবাদী বিচাৰধাৰাৰে অনুপ্ৰাণিত লোককহে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া নিশ্চিত হৈ পৰিছে। আবেদন পত্ৰ পূৰণ কৰাৰ সময়ত প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে লগতে তেওঁৰ বিৰুদ্ধে দলে কেতিয়াবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, দলৰ বহিস্কাৰ অথবা কোনো কাৰণত কাৰাবাস খাটিবলগা হৈছে নেকি সেই বিশয়েও উল্লেখ কৰিব লাগিব।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাসকলে দলৰ সদস্যভৰ্তিৰ ফৰ্ম ফিল-আপ কৰি ছণ্ডীগড়স্থিত হাৰিয়ানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যালয় অথবা দিল্লীৰ কাৰ্যালয়ত জমা দিব লাগিব। আবেদন পত্ৰৰ এখন কপি haryanapcc@gmail.com যোগেও মেইল কৰিব লাগিব। আনহাতে আবেদনকাৰীৰ বাবে শুল্ক নিৰ্ধাৰণ কৰি কংগ্ৰেছে সাধাৰণ বৰ্গৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে ৫০০০ টকা আৰু এছচি-এছটি বৰ্গৰ মহিলাই ২০০০ টকা জমা দিবলৈ নিৰ্দেশ দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in