ছেলফীয়ে কাঢ়িলে প্ৰাণ! হাৰিয়ানাত নিহত ৩ যুৱক, কথমপি প্ৰাণৰক্ষা এজনৰ…

ছেলফীয়ে কাঢ়িলে প্ৰাণ! হাৰিয়ানাত নিহত ৩ যুৱক, কথমপি প্ৰাণৰক্ষা এজনৰ…

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পানীপথত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৰেলপথত ছেলফী তুলি থকা সময়তে মৃত্যু সাৱটিব লগা হয় ৩ যুৱকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে, অন্য এজন যুৱক কথমপি ৰক্ষা পৰে। যুৱক কেইজনে ৰেল লাইনত ছেলফী লৈ আছিল আৰু সেই সময়তে এখন ৰে'ল অহা দেখি অন্য ৰেল লাইনত জঁপিয়াই যদিও, যুৱক ৩জনৰ সেই লাইনেৰেও অহা ৰেলৰ খুন্দাত মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ পানীপথত এখন বিবাহত অংশ ল'বলৈ গৈছিল যুৱক ৪জন। বিবাহস্থলীৰ পৰা কিছু আঁতৰত থকা ৰেল পথত গৈ আটাইকেইজনে ছেলফী তোলাত ব্যস্ত হৈ পৰে। সেই সময়তে ৰেল অহা দেখি ৩জন যুৱকে ততাতৈয়াকৈ অন্য এটা ৰেলপথত জঁপিয়াই, কিন্তু দুৰ্ভাগ্যৰ কথা যে, অন্য ৰেল লাইনটোৰেও অহা ৰেলৰ খুন্দাত মৃত্যু হয় যুৱক কেইজনৰ। আনহাতে, চতুৰ্থজন যুৱকে অন্য দিশে জঁপিওৱাৰ ফলত প্ৰাণৰক্ষা পৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জয়পুৰৰ আমেৰ মহলত ছেলফী তোলা সময়তে এজন বিদেশী পৰ্যটকে নিয়ন্ত্ৰণহীন হৈ ৪০ ফুট দ' খাৱৈত বাগৰি পৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। তদুপৰি বনভোজ খোৱা সময়তে ওড়িশ্যাতো ছেলফী লোৱাৰ সময়তে নিয়ন্ত্ৰণহীন হৈ এজন কলেজীয়া ছাত্ৰৰ সলিল সমাধি ঘটিছিল। আধুনিক যুগত ছেলফীৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ পৰা এনেদৰে বহু জনে প্ৰাণ হেৰুৱাব লগা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in