শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

ছনি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিত, গৃহ চহৰ শিৱসাগৰত ৰংঘৰৰ পৰা আদৰিলে শুভাকাংক্ষীয়ে, VIDEO

961

ডিজিটেল সংবাদ, শিৱসাগৰঃ ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা বৃহস্পতিবাৰে সহস্ৰাধিক লোকে শিৱসাগৰ চহৰলৈ আদৰি নিলে যাদুকৰী কন্ঠৰ গৰাকী শিশু শিল্পী ছনিটিভিৰ হষিৰ্ত নাথক৷ ছনী টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰ ষ্টাৰ চিংগাৰত স্ব প্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম স্থানৰ পৰা উন্নীত হৈ এতিয়া হৰ্ষিতে প্ৰৱেশ কৰিলে অষ্টম স্থানত। নিজৰ যাদুৰকী কণ্ঠৰ লগতে অসম তথা সমগ্ৰ ভাৰতবাসীয়ে ভোটিং প্ৰক্ৰিয়াৰ জড়িয়তে অষ্টম স্থানলৈ উন্নীত কৰিলে হৰ্ষিতক।

হৰ্ষিত বৃহস্পতিবাৰে উপস্থিত হয় বৰ্তমানৰ গৃহ জিলা শিৱসাগৰত। মুম্বাইৰ পৰা ১২. ৩০ বজাত বিমানেৰে আহি উপস্থিত হয় যোৰহাটত। যোৰহাটৰ পৰা আমগুৰি হৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হয়হি। ৰংঘৰৰ সন্মুখত বিভিন্ন দল সংগঠন তথা অনুৰাগীয়ে সম্বৰ্দ্ধনা জনায় হৰ্ষিতক। ৰংঘৰৰ বাকৰিৰ পৰা ঐক্য সেনা অসমৰ সদস্য সকলে শিশু শিল্পী গৰাকীকলৈ সমদল কৰি উপস্থিত হয়হি দ’লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত।

শিশু শিল্পী গৰাকীয়ে এগচি বন্তি জ্বলাই ভূপেনদাৰ আৰ্শীবাদ লয় আৰু সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ পৰা মৰম আৰু আৰ্শীবাদ বিচাৰে যাতে তেওঁ শীৰ্ষ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। উল্লেখ্য যে, এই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখতেই ৪ বছৰৰ আগত হৰ্ষিতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।

দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা ভূপেনদাৰ মৃত্যু দিৱসত অনুষ্ঠিত গীতৰ অনুষ্ঠানত উদ্যোক্তা সকলক হৰ্ষিতে ভূপেন্দ্ৰ সংগীত এটা গাব দিবলৈ অনুৰোধ জনায় আৰু হৰ্ষিতৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰিছিল। সেই সময়ত হৰ্ষিতৰ বয়স মাত্ৰ ৪ বছৰ আছিল। প্ৰতিযোগিতালৈ যোৱাৰ পূৰ্বে শিশু শিল্পী হৰ্ষিতে অতনু বৰাব অডিঅ’ চিটিত গীত শিকিছিল ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি