শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

বিশিষ্ট প্ৰগতিশীল লিখক, প্ৰবীণ আইনজীৱি হৰিন মহন্ত আৰু নাই…

200

ডিজিটেল ডেস্কঃ বিশিষ্ট প্ৰগতিশীল লিখক, প্ৰবীণ আইনজীৱি হৰিন মহন্তৰ মঙলবাৰে পুৱা গুৱাহাটীৰ হায়াট হস্পাতালত দেহৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭২ বছৰ। ডায়বেটিচ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত মহন্ত শেহতীয়াকৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। অসুস্থ মহন্তক প্ৰথমে যোৰহাটৰে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অৱশেষত গুৱাহাটীলৈ লৈ অনা হৈছিল।

মাৰ্ক্স আৰু লেলিনবাদী আদৰ্শত বিশ্বাসী মহন্ত জনতাৰ সমস্যাক লৈ আছিল সদা সচেতন। অসমৰ জলন্ত সমস্যাসমূহক লৈ সাদিন, প্ৰতিদিনৰ লগতে অসমৰ প্ৰায় কেইখন বাতৰি কাকতত মহন্তই তথ্য সমৃদ্ধ তথা বিশ্লেষণাত্মক নিবন্ধ লিখিছিল। তেখেতৰ “যুক্তিয়ে হাৰ মানিলে যত ” “সংবিধান, সাৰ্বভৌমত্ব আৰু ৰাজনীতি” আৰু বহু কেইখন গ্ৰন্থই আলোড়ণৰ সৃষ্টি কৰিছিল।

মহন্তৰ মৃত্যুত ৰাজ্যত শোক ছাঁ পৰাৰ লগতে মঙলবাৰে তেখেতৰ নশ্বৰ দেহত যোৰহাট উকীল সন্থাৰ কাৰ্যালয়ত পুস্পমাল্য অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। যোৰহাটৰ বহুস্থানত মহন্তক শেষ শ্ৰদ্ধা নিৱেদন কৰে অগণন গুণমুগ্ধই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি