ৰাজ্যসভাৰ উপ-সভাপতি নিৰ্বাচিত হৰিবংশ নাৰায়ণ সিং

ৰাজ্যসভাৰ উপ-সভাপতি নিৰ্বাচিত হৰিবংশ নাৰায়ণ সিং

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ নতুন উপ-সভাপতিৰূপে আজি নিৰ্বাচিত হয় হৰিবংশ নাৰায়ণ সিং। জে ডি ইউ সাংসদগৰাকীয়ে মুঠ ১২৫টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। ইফালে, কংগ্ৰেছৰ সাংসদ বি কে হৰিপ্ৰসাদে লাভ কৰে ১০৫টা ভোট।

২৪৪জনীয়া এই উচ্চ সদনত জয়ৰ বাবে প্ৰয়োজন হোৱা ভোটৰ পৰিমাণ আছিল ১২৩টা। নৱ-নিৰ্বাচিত উপ-সভাপতি হৰিবংশ নাৰায়ণ সিংৰ জন্ম হৈছিল ১৯৫৬ চনৰ ৩০ জুনত উত্তৰ প্ৰদেশৰ বালিয়াৰ এটা মধ্যবিত্ত পৰিয়ালত। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু সাংবাদিকতাৰ শিক্ষা লৈছিল হৰিবংশে।

কলেজীয়া জীৱনত তেওঁ সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়নৰ সান্নিধ্যলৈ আহি ১৯৭৪ চনত জে পি আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰে হৰিবংশই। ১৯৭৭ চনত তেওঁ 'টাইমছ অৱ ইণ্ডিয়া'টো সাংবাদিক হিচাপে যোগ দিছিল। পিছৰ পৰ্যায়ত তেও 'ধৰমযুগ' আলোচনীত কাম কৰে আৰু ১৯৮১ চন লৈকে তেওঁ 'ধৰমযুগ'ৰ সৈতে জড়িত আছিল।

১৯৮১ ৰ পৰা ১৯৮৪ চনৰ লৈকে তেওঁ 'বেংক অৱ ইণ্ডিয়া'ত কাম কৰে। ইয়াৰ পাছতে অমৃত বজাৰ পত্ৰিকাৰ 'ৰবিবাৰ'ত তেওঁ সহকাৰী সম্পাদক হিচাপেও কিছুদিন কাম কৰিছিল। ১৯৮৯ চনৰ ৰান্সীৰ 'প্ৰভাত খবৰ' ৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল তেওঁ।

১৯৯০চনত ভি পি সিঙৰ পাছত চন্দ্ৰশেখৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ অতিৰিক্ত মিডিয়া পৰামৰ্শদাতা হিচাপে কাৰ্যনিবাহ কৰিছিল। ২৫ বছৰ 'প্ৰভাত খবৰ'ত সম্পাদক হিচাপে কাৰ্যনিবাহ কৰাৰ পাছত ২০১৪ চনত নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউয়ে তেওঁক ৰাজ্যসভাৰ বাবে মনোনীত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in